Surprise Me!

চিৰাঙৰ কাজলগাঁৱত চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰ

2026-06-20 1 Dailymotion

অভয়াপুৰী : শনিবাৰে চিৰাঙ জিলা কাজলগাঁও আৰক্ষী, চিদলী আৰক্ষী আৰু গুৱাহাটীৰ পৰা যোৱা এছটিএফ বাহিনীয়ে কাজলগাঁৱত এক অভিযানত  চলাই ৷ 

অভিযানত ৮ টাকৈ বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে কৰায়ত্ত কৰে ৯ টাকৈ চোৰাং চিকাৰী ৷

ঘটনাৰ সন্দৰ্ভত বনবিভাগৰ বিষয়াই কয়,"৯ টাকৈ চোৰাং চিকাৰীয়ে উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা লৈ আহিছিল বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰ কেইটা । চোৰাং চিকাৰী কেইটাৰ ভিতৰত এটা বাংলাদেশী আছে ৷ আনহাতে পাঁচজন পশ্চিমবংগৰ আৰু তিনিজন চিৰাং জিলাৰ বেংতলৰ ৷ চোৰাং চিকাৰীকেইটাই আন্তৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰাৰ পৰিকল্পান কৰিছিল সোণালী বান্দৰকেইটা ৷"

তেওঁ লগতে কয়,"চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা সোণালী বন্দৰ কেইটাৰ ভিতৰত এটা বন্দৰৰ মৃত্যু হৈছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰীৰ কেইটাক জেৰা অব্যাহত ৰাখিছে ৷"

লগতে পঢ়ক : এখন ছবি মচি দিলে জুবিন গাৰ্গ শেষ হৈ নাযায় : কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটা