তিনিচুকীয়া : মাৰ্ঘেৰিটাৰ টকলং গাঁৱত বুঢ়ীদিহিং নদীয়ে লৈছে কাল ৰূপ ৷ বিনিদ্ৰ ৰজনী কটাইছে বুঢ়ীদিহিং নদীৰ কাষৰীয়া অঞ্চলৰ লোকে ৷ কাৰণ বুঢ়ীদিহিং নদীৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ বাসস্থান আৰু কৃষিভূমি ৷ খহনীয়াৰ ফলত বহু কৃষকে নিজৰ জীৱিকা নিৰ্বাহৰ মূল আধাৰ হেৰুৱাই আৰ্থিক সংকটত পৰিছে ৷
স্থানীয় ৰাইজে কয়,"বিগত কেইবামাহ ধৰি বুঢ়ীদিহিং নদীৰ খহনীয়া বৃদ্ধি পাইছে । ইতিমধ্যে নদীৰ বুকুত বিলীন হৈছে কৃষিজীৱী ৰাইজৰ কেইবা হেক্টৰ কৃষিভূমি । ঘৰ-বাৰী, খেতিপথাৰ নদীগৰ্ভত বিলীন হোৱাৰ ফলত বহু পৰিয়ালৰ সৰ্বস্বান্ত হৈ পৰিছে । লোকৰ মাটিত বাসবাস কৰি আছো ৷ সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছো ৷"
নদীৰ পাৰৰ বৃহৎ অংশ ইতিমধ্যে দুৰ্বল হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে অধিক এলেকা নদীগৰ্ভত বিলীন হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে । গতিকে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে চৰকাৰ আৰু জিলা প্ৰশাসনক শীঘ্ৰে অঞ্চলটো পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভূমিহীন হৈ পৰা পৰিয়ালসমূহৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক:জনতাৰ টকাৰে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ক ধনী কৰাৰ মন নাই : মন্ত্ৰী অশোক সিংহল