গুৱাহাটী: গুৱাহাটী মহানগৰীৰ যান-বাহন আৰক্ষীৰ নাক কাটিলে এজন আৰক্ষীয়ে । দেওবাৰে মহানগৰীৰ গণেশগুৰিত উৎকোচ লৈ ৰাইজৰ ৰোষত পৰিল যান-বাহন আৰক্ষীৰ লেন্স নায়ক ৰেকিবুল আলী । বাহনৰ চালকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰাৰ পিছতেই তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় ৰেকিবুলক । গুৱাহাটী মহানগৰীৰ যান-বাহন আৰক্ষী শাখাৰ উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি গণেশগুৰিত ৰেকিবুল আলী কৰ্তব্যৰত অৱস্থাত আছিল । সেই সময়ত বগা ৰঙৰ AS- 13N7982 নম্বৰৰ এখন স্ক'ৰপিঅ' বাহন চলাই আহিছিল ৰাজেশ ডেকা নামৰ লোকজনে । ৰেকিবুল আলীয়ে গাড়ীখনত ব্লেক গ্লাছ লগোৱাৰ বাবে আইন উলংঘা কৰাৰ অভিযোগত ৭০০০-৭৫০০ বিচাৰিছিল । পিছত তেওঁ ২৫০০ টকা নগদ দিছিল । ৰেকিবুল আলীৰ এই কৰ্ম-কাণ্ডই অসম আৰক্ষী, মহানগৰ যান-বাহন আৰক্ষীক লজ্জিত কৰিলে । ৰেকিবুল আলীক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে । বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।’’
ৰাইজক আহ্বান জনাই কয় আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘‘জৰিমনাৰ নামত নগদ ধন বিচাৰিলে যাতে কোনেও নিদিয়ে । কোনোৱে নগদ ধন বিচাৰিলে তাৰ অভিযোগ আমাক দিয়ক । কিয়নো গুৱাহাটী যান-বাহন আৰক্ষীয়ে কেতিয়াও নগদ ধন জৰিমনা হিচাপে নলয় ।’’
লগতে পঢ়ক: বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালী পথ দুৰ্ঘটনাত আহত