মৰিগাঁও : কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ ফলত সফলতা লাভ কৰিবলৈ সক্ষম হ'ল মৰিগাঁৱৰ তন্ময় নাথে । সদস্য ঘোষিত অসম লোকসেৱা আয়োগৰ অধীনত আয়োজিত জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা পদৰ বাছনি পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে তন্ময়ে ৷
তেওঁ মৰিগাঁৱৰ গছবাৰীৰ নিবাসী দিনেশ চন্দ্ৰ নাথ আৰু দিপা দেৱীৰ কনিষ্ঠ পুত্ৰ তন্ময় নাথ ৷
সৰুৰে পৰাই মেধাৱী তন্ময়ে জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সফলতাৰে চিভিল ইঞ্জিনিয়াৰিং শিক্ষা সম্পূৰ্ণ কৰে । মহাবিদ্যালয়ৰ শিক্ষা শেষৰ পিছৰে পৰা অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ৷ দুবছৰৰ পাছত এই সফলতা লাভ কৰিবলৈ সক্ষম হ'ল তন্ময়ে ৷ আনহাতে পুত্ৰৰ এনে সফলতাত পিতৃ দিনেশ চন্দ্ৰ নাথ আৰু মাতৃ দিপা দেৱী উৎফুল্লিত ।
নিয়মানুবৰ্তিতা, কঠোৰ পৰিশ্ৰম, একাগ্ৰতাৰে অধ্যয়ন কৰিলে এদিন নহ'লে এদিন সফলতা লাভ কৰিবই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে তন্ময় নাথে ৷ তন্ময়ৰ এই সাফল্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনত তেওঁ এগৰাকী দক্ষ আৰু সৎ বিষয়া হিচাপে ৰাজ্যখনৰ জলসম্পদ বিভাগটোক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক:জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি; সাহায্য নাপাই হাহাকাৰ বানপীড়িতৰ