Surprise Me!

মৰিগাঁও মহাবিদ্যালয়ত 'বিকশিত ভাৰত যুৱ নেতৃত্ব সংবাদ' শীৰ্ষক আলোচনা চক্ৰ

2026-06-22 1 Dailymotion

মৰিগাঁও : সোমবাৰে মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয় 'বিকশিত ভাৰত যুৱ নেতৃত্ব সংবাদ' শীৰ্ষক আলোচনা চক্ৰ ৷ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত হৈছিল এই আলোচনা চক্ৰ ৷ এইবাৰৰ আলোচনাৰ মূল উদ্দেশ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন সম্পূৰ্ণৰূপে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে (বিকশিত ভাৰত @২০৪৭) দেশৰ উন্নয়নমূলক কাৰ্যসূচীত ভাৰতৰ যুৱ প্ৰজন্মক (১৫ ৰ পৰা ২৯ বছৰ বয়সৰ) পোনপটীয়াকৈ জড়িত কৰোৱা ৷

সোমবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচনা চক্ৰত মহাবিদ্যালয়ৰ অধ্যক্ষ লীলাকান্ত বৰঠাকুৰৰ লগতে বহু কেইজন সমল ব্যক্তি উপস্থিত থাকে । লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ১৯৯৫ চনৰ পৰা প্ৰতি বছৰে ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে উদযাপন কৰি আহিছে ৷

২০২৫ চনত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ দিৱসতে দেশৰ যুৱপ্ৰজন্মক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ সেই স্বৰূপে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত হৈছিল এই ধৰণৰ আলোচনা চক্ৰ ৷  এই মন্তব্য কৰে উদ্যোগক্তাই ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত প্ৰতিবাদত নামিল ডায়েলাইছিছ ৰোগী, কিন্তু কিয় ?