যোৰহাট : অশান্ত হৈ পৰিছে অসম-নাগালেণ্ড সীমান্ত । মঙলবাৰে অসম-নাগালেণ্ড পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছা কৰ্মীয়ে ৷
উল্লেখ্য যে, দুদিনৰ পূৰ্বে মৰিয়নীৰ ৬১নং কাটনি গাঁও পঞ্চায়তৰ অধীনৰ নগাজাংকাত অসমৰ ভুমিত অসমৰ শ্ৰমিকে জব কাৰ্ডৰ অধীনত পথৰ মেৰামতিৰ কাম কৰি থকাৰ সময়তে নগা দুবৃত্তই শ্ৰমিকক ভয় ভাবুকি প্ৰদান কৰিছিল ৷
দুদিনৰ পাছতে মৰিয়নীৰ নিউ সোণোৱালত আটছাই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ৷
প্ৰতিবাদকাৰী সংগঠনৰ নেতৃত্বই কয়, "অসম-নাগালেণ্ড সীমা সমস্যা ৰাজনৈতিকভাবে সমাধান কৰিবলৈ অসম আৰু ভাৰত চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছো ৷ কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা কোনো সহাৰি পোৱা নাই ৷ ফলত সীমা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে । ইয়াৰ বাবে সীমান্তবাসী ৰাইজৰ জীৱন জীৰ্বিকা, নিৰাপত্তাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।"
লগতে পঢ়ক:সৰুপথাৰত নৃশংস হত্যাকাণ্ড, বৰজনাৰ হাতত প্ৰাণ গ'ল উৰ্মিলাৰ