তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ বৰহাপজানত ওলাইছে লাখে লাখে টকা । ওলাইছে সোণ-ৰূপৰ আ-অলংকাৰ, গাড়ী-মটৰচাইকেল আদি ৷
তিনিচুকীয়া জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ং কুমাৰৰ নিৰ্দেশত ডুমডুমা সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সোমবাৰে নিশা বৰহাপজানৰ নতুন বজাৰত এক বিশেষ অভিযান চলাই তিনিটা সুদখোৰক হাতেলোটে গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুদখোৰ তিনিটা ক্ৰমে নুৰ খান, প্ৰমোদ কুমাৰ চাহু আৰু আতুশ গুপ্তা ৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ধৃত তিনি সুদখোৰৰ বাসগৃহৰ পৰা ১৭ লাখ ৫০ হাজাৰ টকা, ৪১২ গ্ৰাম সোণৰ আ-অলংকাৰ, ৩০২ গ্ৰাম ৰূপৰ আ-অলংকাৰ, ৩ খন বিলাসী বাহন, ৬ খন মটৰচাইকেল, কেইবাটাও ম’বাইল ফোন, কেইবাখনো বেংক পাঁচবুক আৰু কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰে ৷
অভিযানটো নেতৃত্ব দিয়া ডুমডুমা সমজিলা আৰক্ষী অধীক্ষক দিগন্ত দত্তই কয়,"ধৃত তিনি সুদখোৰক আজি বিয়লি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ধৃত তিনি সুদখোৰে ধন পৰিশোধ কৰিব নোৱাৰা ব্যক্তিৰ সম্পত্তি, সোণ-ৰূপৰ অলংকাৰ আৰু বাহন, বাইক কাঢ়ি ৰাখিছিল ৷
সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত আৰু কোন কোন জড়িত হৈ আছে বা কিমান দিনৰ পৰা এই চক্ৰটো সক্ৰিয় হৈ আছিল পোহৰলৈ আহিব ৷"
লগতে পঢ়ক:মুখ্যমন্ত্ৰী-শীৰ্ষ আমোলাৰ নাম লৈ প্ৰৱঞ্চনা, অৰুণাচলত ৩৪ কোটিৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ ঋষিৰাজ বৰকটকী
৮ টাকৈ সোণালী বান্দৰ উদ্ধাৰ, ৯ সৰবৰাহকাৰী গ্ৰেপ্তাৰ