Surprise Me!

পশু চিকিৎসালয় নে ভূত বাংলা, অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ

2026-06-24 11 Dailymotion

লাহৰীঘাট: পশুৱে কথা ক'ব নোৱাৰে, পশুৰ ভোটাধিকাৰ নাই, সেইকাৰণে হয়তো মৈৰাবাৰী পশু চিকিৎসালয়ৰ এক ভয়ংকৰ ৰূপ । ​মৈৰাবাৰীত চৰকাৰী পশু চিকিৎসালয়ৰ অৱস্থা চৰম শোচনীয় । নামতহে আছে চিকিৎসালয়, কামত যেন ভূতবাংলা ! বিভাগীয় কৰ্তৃপক্ষৰ চৰম উদাসীনতাৰ বাবে এতিয়া জীয়াতু ভূগিবলগীয়া হৈছে স্থানীয় পশুপালকসকলে ।  

চৌপাশে কেৱল হাবি-জংঘল, এক কদৰ্যময় পৰিৱেশ । চিকিৎসালয়খনৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া চকু কপালত তুলিছে স্থানীয় ৰাইজৰ । ​​ভঙা-ছিঙা দেৱাল, চিলিং কোন মুহূৰ্তত খহি পৰে তাৰ ঠিকনা নাই । চিকিৎসালয় নে গৰু গোহালি ধৰিব নোৱাৰা অৱস্থা । চিকিৎসালয়খনত চিকিৎসক আছে যদিও নাই পৰ্যাপ্ত ঔষধৰ যোগান । যাৰ ফলত চিকিৎসকে লিখি দিয়া প্ৰতিটো ঔষধেই পশুপালকসকলে কিনিব লগা হয় বাহিৰৰ ফাৰ্মাচীৰ পৰা ।

​যাৰ বাবে চিকিৎসালয়খনৰ চৌহদ এতিয়া পৰিণত হৈছে সমাজ বিৰোধী আৰু ড্ৰাগছ আসক্ত যুৱকৰ ৰম্যভূমিত । নিশাৰ আন্ধাৰ নামি অহাৰ লগে লগেই ইয়াত ড্ৰাগছ সেৱনকাৰীয়ে ভিৰ কৰে । ইতিমধ্যে চিকিৎসালয়খনৰ বিভিন্ন আচবাব নষ্ট কৰাৰ লগতে ড্ৰাগছ আসক্ত চোৰে চিলিঙৰ ফেন পৰ্যন্ত চুৰি কৰি লৈ গৈছে ।

লগতে পঢ়ক: ৰোগী-চিকিৎসক নহয়, বৰপেটাত সাপ-বেঙৰহে বাসস্থানলৈ পৰিণত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰ

কিশোৰী ধৰ্ষণকাৰী ছমিৰ আলীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড ন্যায়ালয়ৰ - NALBARI NEWS