Surprise Me!

মন্ত্ৰিত্বৰ দায়িত্বলৈ নলবাৰীত প্ৰথমটো মৎস্য উৎপাদন প্ৰকল্প মুকলি মন্ত্ৰী নীলিমা দেৱীৰ

2026-06-25 3 Dailymotion

নলবাৰী : মীন বিভাগৰ মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে বিভাগীয় মন্ত্ৰী নীলিমা দেৱীয়ে নলবাৰীত প্ৰথমটো প্ৰকল্পৰ শুভাৰম্ভ কৰে । মৎস্য খেতিৰে থলুৱা কৃষকক স্বাৱলম্বী কৰাৰ প্ৰয়াসেৰে এটি অত্যাধুনিক মীন প্ৰকল্প মুকলি কৰে মন্ত্ৰীগৰাকীয়ে । 

বৃহস্পতিবাৰে নলবাৰীৰ বৰক্ষেত্ৰীৰ মুকালমুৱাত এই প্ৰকল্পটোৰ শুভাৰম্ভ কৰে ।

মীন বিভাগৰ নলবাৰী আৰু কামৰূপ জিলাৰ বিষয়ববীয়াৰ উপস্থিতিত মুকালমুৱাৰ মেৰুৱাট্টাৰীত PMSY ৰ অধীনত বিধায়ক নাৰায়ণ ডেকাৰ তত্বাৱধানত শিঙি, শ'ল, পাভ আৰু শিঙৰা মাছৰ বিজ্ঞানসন্মতভাৱে উৎপাদনৰ লক্ষ্য বান্ধি লোৱা হয় । 

প্ৰায় ১ লাখ টন থলুৱা মাছ উৎপাদনৰ লগতে নিবনুৱা সংস্থাপনৰ লক্ষ্য লৈছে বিধায়ক নাাৰায়ন ডেকা আৰু বিভাগীয় মন্ত্ৰী নীলিমা দেৱীয়ে।

উল্লেখ্য যে, ১৬ টা বিশাল বিজ্ঞানসন্মত টেংকীত মাছৰ পোনা মেলি দিয়ে মীন মন্ত্ৰী নীলিমা দেৱীয়ে ৷ অসমৰ মানুহে এনেকুৱা ফিছ ফাৰ্মৰ আদৰ্শ লৈ ব্যৱসায়ীক ভিত্তিত সংস্থাপিত হোৱাৰ আহ্বান জনায় মীন মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘পৰিত্যক্ত অৱস্থাত থকা জলাশয়, বিল আদিত মীন বিভাগৰ বিষয়াৰ লগত আলোচনা কৰি ব্যৱহাৰ কৰিব লাগে ৷ লগতে অসমত উৎপাদিত মাছ বহিঃৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ বাবে সকলো আলোচনা কৰা হ’ব  ৷’’

লগতে পঢ়ক : কংগ্ৰেছ-এআইইউডিফ এৰি মৰিগাঁৱত গেৰুৱা বসন পিন্ধিলে ২০ সহস্ৰাধিকে