Surprise Me!

বালিজুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত চাহ বাগিচাৰ শ্ৰমিক

2026-06-26 0 Dailymotion

চামগুৰি: নগাঁও জিলাৰ বালিজুৰি চাহ বাগিচাত বন্যহস্তীৰ মুক্ত বিচৰণ ৷ খাদ্যৰ সন্ধানত পাহাৰীয়া অঞ্চলৰ পৰা চাহ বাগান আৰু দাঁতিকাষৰীয়া অঞ্চলত বৃহৎ হাতীৰ জাকটোৱে বিচৰণ কৰাত আতংকিত হৈ পৰিছে ৰাইজ ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি, বৰ্তমানে বালিজুৰি চাহ বাগানৰ বিভিন্ন অংশত প্ৰায় ২০-৩০টা বন্যহস্তীৰ এটা জাক মুক্ত বিচৰণ কৰি আছে । দিনৰ ভাগত পাহাৰীয়া অঞ্চলত আশ্ৰয় লোৱা হাতীৰ জাকটোৱে ৰাতি হ'লে চাহ বাগান নষ্ট কৰে । ফলত চাহ বাগানৰ কাম কৰা শ্ৰমিক আৰু দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত আতংকই বিৰাজ কৰিছে ।

স্থানীয় লোকে কয়, "ৰাতিৰ সময়ত হাতীয়ে ঘৰৰ কাষত বিচৰণ কৰি থকাত শিশু আৰু মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলাই অহাটোৱে বিপজ্জনক হৈ পৰিছে । অঞ্চলটোত মানুহ-হাতীৰ সংঘাত বহু দিনৰে পৰা এক সমস্যা হৈ পৰিছে । বন বিভাগে হাতীৰ জাকটোক পুনৰ পাহাৰলৈ খেদি পঠোৱাৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই ।"

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ, বন্ধ কৰিলে জব কাৰ্ডৰ কাম