Surprise Me!

বালিয়ে পুতিলে সেউজীয়া ধাননি, পথাৰলৈ চাই হাহাকাৰ কৃষকৰ

2026-06-26 1 Dailymotion

জোনাই : ধেমাজি জিলাৰ জোনাইত বানপানী শুকালে যদিও শেষ হোৱা নাই কৃষকৰ দুখ-দুৰ্দশা । কিছুদিন পূৰ্বে চিলে নৈৰ বাঢ়নী পানীয়ে জোনাইৰ মালভোগ, শান্তিপুৰ, ৰাভাকাঠনি আদি বিভিন্ন অঞ্চল প্লাৱিত কৰি ব্যাপক ক্ষতি সাধন কৰিছিল । বানপানী কমিল যদিও এতিয়া নতুন বিপদৰ সন্মুখীন হৈছে শান্তিপুৰ অঞ্চলৰ কৃষকসকল ।  

বানত বালিয়ে শান্তিপুৰ গাঁৱৰ একাংশ কৃষকৰ সেউজীয়া ধাননি পথাৰ পুতি পেলোৱাত মূৰে-কপালে হাত দিছে কৃষকসকলে । বছৰটোৰ একমাত্ৰ ভৰসা ধান খেতিৰ ওপৰত নিৰ্ভৰশীল এই চহা কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই কৰা খেতি মুহূৰ্ততে নষ্ট হোৱাত হতাশাত ভুগিছে ।  

এই সন্দৰ্ভত কৃষি বিভাগৰ লগতে জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি এজন কৃষকে কয়, "বানত প্ৰায়ভাগ খেতিপথাৰ বালিয়ে পুতিছে । ইয়াত এটা গাইড বান্ধৰ প্ৰয়োজন বুলি প্ৰশাসনক কেইবাবাৰো আবেদন জনাইছিলোঁ যদিও প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰিলে ।"

বালিৰে আৱৰি থকা কৃষিভূমিত এইবাৰ খেতি কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে । ফলত অনাগত দিনত জীৱিকা আৰু পৰিয়াল চলোৱাৰ চিন্তাই তেওঁলোকক অধিক চিন্তিত কৰি তুলিছে । সেয়ে এনে পৰিস্থিতিত ক্ষতিগ্ৰস্ত কৃষকসকলে স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে চিলে নৈৰ বান স্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক:বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি মথাউৰি নিৰ্মাণৰ আশ্বাস ডাঃ ৰণোজ পেগুৰ

লখিমপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ