ডিব্ৰুগড় : শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন ৰাজ্যৰ ভিন্ন প্ৰান্তত । এই দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে ডিব্ৰুগড়ত একেলগে দাহ কৰা হ'ল প্ৰায় ১.৪ কোটি মূল্যৰ নিচাযুক্ত দ্ৰৱ্য ।
আৰক্ষীয়ে জনোৱা মতে, ২০২৫ চনৰ ছেপ্টেম্বৰৰ মাহৰ পৰা চলিত বৰ্ষৰ জুন মাহলৈকে ডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তত চলোৱা অভিযানত জব্দ হোৱা ২৭১ গ্ৰাম হেৰ'ইন আৰু ৭৭ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, বিগত ৯ মাহে চলোৱা অভিযানত ১১২ টা ড্ৰাগছ আৰু গাঞ্জা সৰবাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭৬ টাকৈ গোচৰ ৰুজু কৰা হৈছে ।
এই সন্দৰ্ভত আইজিপি অখিলেশ কুমাৰ সিঙে কয়, "বিগত বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত ৬৭টা গোচৰ ৰুজু কৰা হৈছে । দহন কৰা নিষিদ্ধ সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১.৪ কোটি । অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ড্ৰাগছ ব্যৱসায়ীয়ে সদায় নতুন প্ৰজন্মক টাৰ্গেট কৰে ৷ ড্ৰাগছ খোৱাৰ ক্ষেত্ৰত সেয়ে ৰাইজে খবৰ পালে আৰক্ষীক জনাব লাগে ।"
লগতে পঢ়ক:অম্বুবাচীৰ নিবৃত্তি: যথা ৰীতি অনুসৰি মুকলি হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ