Surprise Me!

শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু

2026-06-26 22 Dailymotion

গুৱাহাটী: ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্য়াহত থকাৰ মাজতেই গুৱাহাটীৰ মাজমজিয়াত এক শোকাবহ ঘটনা সংঘটিত হয় । মহানগৰীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হ'ল অজয় দাস (৪০) নামৰ এজন লোকৰ ।

তামুলপুৰৰ লোকজনে সাতগাঁৱৰ বাসন্তী বজাৰৰ সমীপৰ পদপথত তৰ্জাবেৰৰ ঘৰ সাজি  বসবাস কৰি এখন হোটেলত শ্রমিক হিচাপে আছিল । 

যোৱা বৃহস্পতিবাৰে নিশা শুই থকা অৱস্থাত আমাচং অভয়াৰণ্য পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ঘৰটো ভাঙি অজয় দাসক শুৰেৰে ধৰি আচাৰি দিয়াত লোকজনৰ মৃত্য়ু হয় ।

নিশাই সাতগাঁও থানাৰ আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএম চিএইচলৈ প্ৰেৰণ কৰে । 

এই সন্দৰ্ভত  স্থানীয় লোক এজনে কয়, "লোকজনে হোটেলত কাম কৰে । সদায় হোটেলৰ পৰা ভাত আনে । ৰাতি বহু দেৰিকৈ ভাত খায় । ৰাতি ২ বজাত হাতীয়ে আচাৰি দিয়াত তেওঁৰ মৃত্য়ু হয় ।" আন এজন স্থানীয় লোকে কয়, "অজয় দাস নামৰ লোকজনে হোটেলত কাম কৰিছিল । যোৱা ২৫ বছৰ ধৰি ইয়াতে আছিল ।"

উল্লেখ যে, আমাচং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত প্ৰায়ে বন্যহস্তীয়ে আহি সাতগাঁও, বতাহঘুলী, সাতগাঁও সেনা চাউনী আদি কেতবোৰ অঞ্চলত উপদ্ৰৱ চলাই । 

লগতে পঢ়ক:বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে

হাতীৰ পৰা অজগৰলৈকে... ! দিছপুৰৰ সমীপতে আন্ধাৰ হ'লেই পেপুৱা লাগে ৰাইজ