Surprise Me!

'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক আলোচনাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন

2026-06-26 0 Dailymotion

গুৱাহাটী: আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস । শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগী মহাবিদ্যালয় প্ৰাংগণত ৰাজ্যিক ড্ৰাগছ নিবাৰনী আৰু নিষিদ্ধ পৰিষদ তথা সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয় । অনুষ্ঠানত 'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক সামৰি লৈ স্থানীয় সমস্যা আৰু নতুন প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰা হয় । 

অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ডিমৰীয়া সমষ্টিৰ বিধায়ক ডাঃ তপন দাস তথা ৰাজ্যিক ড্ৰাগছ নিবাৰণী আৰু নিষিদ্ধ পৰিষদৰ মুখ্য কার্যবাহী বিষয়া ভাস্কৰ দাস আদিকে ধৰি বহু গণ্য-মান্য ব্যক্তিৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক, শিক্ষয়ত্ৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

আয়োজক কমিটিৰ তৰফৰ পৰা এইদৰে কয়, "আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন কৰা হয় । বৰ সুন্দৰকৈ অনুষ্ঠানটি আয়োজন কৰা হৈছে । গুৱাহাটীৰ লোকসভাৰ সাংসদ, স্থানীয় বিধায়ক, নিচামুক্তি পৰিষদ বিষয়াই অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিব পাৰি সেই সন্দৰ্ভত জ্ঞান দিয়া হয় । আশা কৰো এনে অনুষ্ঠানে ভৱিষ্যতে নৱ প্ৰজন্মক নিচাযুক্ত তথা মাদক দ্ৰব্যৰ পৰা আঁতৰাই ৰাখিব ।"

লগতে পঢ়ক: ৪ বছৰৰ পিছত ফাদিল কাণফুলিৰ ৰহস্য; যোৰহাট আৰক্ষীৰ তদন্ত

লক্ষাধিক শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্বাস্থ্য বিভাগৰ