ধুবুৰী: ধুবুৰী জিলাৰ গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ হৈ পৰে । শুকুৰবাৰে সন্ধিয়া ছাত্ৰীকেইগৰাকী হঠাতেই অসুস্থ হৈ পৰে । অসুস্থতাৰ কাৰণ এতিয়াও জানিব পৰা নাই ।
অসুস্থ ছাত্ৰীসকলক প্ৰথমে গোলকগঞ্জ স্বাস্থ্য কেন্দ্ৰ ভৰ্তি কৰোৱা হৈছিল । আটাইকেইগৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
স্থানীয় ৰাইজে কয় যে গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত ছাত্ৰী নিবাসত একেলগে ২১গৰাকী ছাত্ৰী অসুস্থ হৈ পৰা বিষয়টোত ৰহস্যজনক । ইয়াৰ এক তদন্ত হ'ব লাগে বুলি ৰাইজে দাবী জনাইছে ।
ইপিনে,এই ঘটনা সন্দৰ্ভত ধুবুৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জ্যোতি কুমাৰ দাসে কয়,"শুকুৰবাৰে নিশা প্ৰায় ৭.৩০ বজাত গোলকগঞ্জক এছডিএমে মোক ফোন কৰি জনায় যে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰীয়ে অসুস্থ অনুভৱ কৰিছে । পঞ্চম,ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ প্ৰায় ২১ গৰাকী ছাত্ৰী অসুস্থ হৈ পৰিছে । অৱেশ্য়ে খাদ্য়ৰ পৰা বিষক্ৰিয়া হোৱা নাই । গৰমত ডিহাইড্ৰেচন হোৱাৰ বাবেও হ'ব পাৰে । চিন্তাৰ কোনো কাৰণ নাই ।"
লগতে পঢ়ক :মধ্যাহ্ন ভোজনৰ পাছতে অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী, মঙলদৈত হুৱাদুৱা পৰিৱেশ
ছাডেন ভিজিত; সোণাপুৰ জিলা চিকিৎসালয়ৰ সমস্য়া সমাধানৰ আশ্বাস বিধায়কৰ