যোৰহাট: মন্ত্ৰিত্ব লাভ কৰি প্ৰথমবাৰৰ বাবে উজনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত উপস্থিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ কৰ্তৃপক্ষৰ সৈতে শৈক্ষিক বিষয়ৰ ওপৰত আলোচনা কৰে । ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম, নতুন শিক্ষক নিযুক্তি আদি কৰি বিষয়সমূহৰ লগতে মহাবিদ্যালয় পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা শিক্ষানুষ্ঠানখনৰ বিভিন্ন অভাৱ-অভিযোগ ওপৰত আলোচনাতো মিলিত হয় ।
আলোচনাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয়,"প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি টকা দিছোঁ । সেই ১০কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে, আমি এই বছৰটো ভিতৰতে এই কাম সমাপ্ত কৰি মুকলি কৰিব পাৰিব ।"
লগতে তেওঁ হাইস্কুল, হায়াৰ ছেকেণ্ডৰীত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ প্ৰসংগত কয়,"হাইস্কুল আৰু হায়াৰ ছেকেণ্ডৰী স্কুলত প্ৰধান শিক্ষক নিযুক্তি দিব নোৱৰা মূল কাৰণটো হ'ল উচ্চ ন্যায়ালয়ৰ গোচৰ বা বাধা । এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে । গতিকে আমি চেষ্টা কৰিছোঁ, এই সমগ্ৰ বিষয়টো মীমাংসা কৰি নিযুক্তি দিয়াৰ ওপৰত ।"
লগতে পঢ়ক: অৱসৰ বিনোদনৰ বাবেও দিব লাগিব কৰ, পাৰ্কত সোমালেই লাগিব ধন
প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ