Surprise Me!

যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

2026-06-28 3 Dailymotion

যোৰহাট : যোৰহাটত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ । আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ ড্ৰাগছ সৰবৰাহ বিৰোধী দিৱস ৰাজ্যজুৰি পালন কৰাৰ এদিন পিছতে শনিবাৰে যোৰহাট নগৰৰ মাজমজিয়াত আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে ।

নকছাৰিৰ উৎপল হাজৰিকা নামৰ এজন সৰবৰাহকাৰীৰ পৰা এই ড্ৰাগছখিনি উদ্ধাৰ কৰা হয় । যোৰহাট চহৰৰ এটা পেট্ৰ'ল পাম্পৰ পৰা মুঠ ৮টা কণ্টেইনাৰৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছখিনি ।

এই সন্দৰ্ভত যোৰহাট জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অভিষেক কুমাৰ যাদৱে কয়, "এই সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে । আৰক্ষীয়ে ধৃত লোকজনৰ পৰা ড্ৰাগছৰ লগতে নগদ ধন আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে ।" উল্লেখ্য যে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰ ফলত এইচআইভিত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে ।

লগতে পঢ়ক:ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁৱত ব্যাপক সজাগতা অভিযান

শিৱসাগৰত আৰক্ষীয়ে জ্বলালে ১৩ কোটি টকাৰ ড্ৰাগছ