Surprise Me!

ধুবুৰীৰ আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য মন্ত্ৰী অশোক সিংহলৰ

2026-06-28 1 Dailymotion

ধুবুৰী: দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰী ভ্ৰমণত অহা স্বাস্থ্য মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে জিলা প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ জিলাখনৰ আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে উন্নয়নমূলক কাৰ্যসূচীসমূহ অধিক গতিশীলভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অশোক সিংহলে কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আমাক ধুবুৰী জিলাৰ উন্নয়নৰ নতুন দিশ উন্মোচন কৰাৰ দায়িত্ব অৰ্পণ কৰিছে । আমি সকলোৱে একেলগে কাম কৰি ধুবুৰীক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই লৈ যাব লাগিব ।"

ইফালে স্বাস্থ্য বিভাগত ব্যাপক পৰিৱৰ্তন অনাৰ ইংগিত দিলে মন্ত্ৰীগৰাকীয়ে । শীঘ্ৰেই চিকিৎসালয়, স্বাস্থ্যকেন্দ্ৰত বায়'মেট্ৰিকৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী অশোক সিংহলে ।  

লগতে পঢ়ক: কৃত্ৰিম বানে সপোন ভাঙিছে কৃষকৰ, কঠীয়াতলি নে পুখুৰী চিনিবই নোৱাৰি

মাৰ্ঘেৰিটাত ধনেশ পক্ষী হত্যা কৰি ৰঙাঘৰত তিনি চিকাৰী