Surprise Me!

নিশা হ'লে অভয়াপুৰীত নজ্বলে হাই-মাষ্ট লাইট, কিন্তু কিয় ?

2026-06-29 7 Dailymotion

অভয়াপুৰী : ফুলদানীত পৰিণত হৈছে অভয়াপুৰীৰ তিনিআলি-চাৰিআলিত লগোৱা হাই-মাষ্ট লাইট ৷ ৰাইজৰ সুবিধাৰ বাবে চৰকাৰে হাই-মাষ্ট লাইট লগাইছে ৷ কিন্তু পোহাৰ নিদিয়ে হাই-মাষ্ট লাইটে ৷ অভয়াপুৰীৰ চহৰখনৰ বিভিন্ন স্থানত হাই-মাষ্ট লাইটৰ ব্যৱস্থাপনা আছে ৷ কিন্তু নিশা হ'লে পোহৰ নিদিয়ে হাই-মাষ্ট লাইটে ৷ অভয়াপুৰী চহৰখনত স্থাপন কৰা ২০ টাতকৈ অধিক হাই-মাষ্ট লাইটৰ প্ৰায়বিলাক লাইটেই বিকল হৈ পৰিছে ৷

দুই এটা লাইট জ্বলে যদিও নিশা হ’লে চহৰখন অন্ধকাৰত ডুব গৈ থাকে ৷ যাৰ বাবে সঘনাই চহৰখনত চুৰি কাৰ্য হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এবছৰৰো অধিক সময় লাইটসমূহ বিকল হৈ আছে যদিও কাণষাৰ নাই অভয়াপুৰী পৌৰসভাৰ ৷ লাইটসমূহ জ্বলাবলৈ কোনো ব্যৱস্থাই লোৱা নাই পৌৰসভাই ৷ সেয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে অভয়াপুৰী পৌৰসভাক দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক:কৃত্ৰিম বুদ্ধিমত্তাই ধ্বংস কৰিব পাৰ্থেনিয়াম ! কলিয়াবৰত উদ্ভাৱন নতুন প্ৰযুক্তি