Surprise Me!

ৰাজ্যত বানৰ সংহাৰী ৰূপ : ধুবুৰী জিলাত ক্ৰমাৎ নৈৰ জলস্তৰ বৃদ্ধি

2026-06-29 2 Dailymotion

ধুবুৰী : আহাৰ মহীয়া বানে ৰাজ্যত ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ ধুবুৰী জিলাতো বাঢ়নী নৈৰ পানীৰ স্তৰ বহু বৃদ্ধি পাইছে ।

ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প বিষয়া মোফাৰ্জেল সৰকাৰে কয়, ‘‘জিলাখনৰ মাজেৰে বৈ যোৱা গৌৰাং, টিপকাই, চম্পাৱতী, গংগাধৰ নৈৰ পানী বৃদ্ধি পাই আছে ৷ জিলাখনৰ নৈ পৰীয়া অঞ্চলত এলাৰ্ট জাৰী কৰা হৈছে ৷ "

তেওঁ লগতে কয়, "নৈৰ বাঢ়নী পানীত যাতে কোনো লোকে নামি নাযায়, তাৰ বাবেও জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে । লগতে সম্ভাব্য বিপদৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে আপদা মিত্ৰ, ক্ষেত্ৰ বিষয়াক নৈপৰীয়া বিভিন্ন অঞ্চলত নিয়োগ কৰা হৈছে ৷’’

সৰকাৰে লগতে কয়, ‘‘নদীপথ এলেকাত দূৰণিবটীয়া নাও চলাচলৰ ক্ষেত্ৰত সাৱধনতা অৱলম্বন কৰা হৈছে । জল পৰিবহন বিভাগক এই ক্ষেত্ৰত চোকা দৃষ্টি ৰখাৰ বাবে কোৱা হৈছে ৷’’

লগতে পঢ়ক : আহাৰৰ বানত বুৰিছে জোনাই; বন্যাক্ৰান্তৰ খবৰ ল’লে মন্ত্ৰী কেশৱ‌ মহন্ত আৰু সুশান্ত বৰগোহাঁয়ে