সোণাপুৰ : ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ সৰবৰাহকাৰী চক্ৰ । সোমবাৰে মহানগৰীৰ সোণাপুৰত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ চুমকৈ ডব্লিউচিচিবি আৰু সোণাপুৰ বনবিভাগে এক যুটীয়া অভিযান চলায় ৷ সোণাপুৰৰ কমাৰকুছিস্থিত 'চেগুন বাগান ৰিজৰ্ট'ত চলোৱা অভিযানত এটা গঁড়ৰ খৰ্গসহ তিনি সৰবৰাহকাৰীক আটক কৰে ৷
গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এটা ৯২০ গ্ৰাম ওজনৰ গঁড়ৰ খৰ্গ জব্দ কৰাৰ লগতে সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এএছ০১ জিজে ৮৩৬৬ নম্বৰৰ এখন বাহন, ১ টা লেপটপ, ৪ টা মোবাইল, কেইবাখনো এটিএম কাৰ্ড জব্দ কৰে অভিযানকাৰী দলে ৷ উল্লেখ্য যে, ধৃত তিনি সৰবৰাহকাৰী কেইটাই পূৰ্বৰে পৰাই উক্ত ৰিজ’ৰ্টখনত বাহৰ পাতি আছিল । কোনো ডাঙৰ ব্যৱসায়ীৰ সৈতে খৰ্গটোৰ সন্দৰ্ভত ডিল কৰাৰ পৰিকল্পনা আছিল চক্ৰটোৰ।
লগতে পঢ়ক:অসম পেৰা স্পৰ্টছ মিট ২০২৬ৰ পূৰ্বে নগাঁৱত খেলুৱৈ বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন