Surprise Me!

শিৱসাগৰত নিৰ্মীয়মাণ প্ৰকল্পত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ; ঠিকাদৰক সকীয়নি অখিল গগৈৰ

2026-06-29 1 Dailymotion

শিৱসাগৰ : সোমবাৰে শিৱসাগৰত নিৰ্মীয়মাণ অৱস্থাত থকা প্ৰকল্পসমূহ পৰিদৰ্শন বিধায়ক অখিল গগৈৰ । নিৰ্মীয়মাণ অৱস্থাত থকা শিৱসাগৰবাসীৰ সপোনৰ প্ৰকল্প পৰিদৰ্শন কৰি ক্ষুব্ধ বিধায়ক অখিল গগৈ ।

নিৰ্মীয়মাণ অৱস্থাত থকা ৰংঘৰ প্ৰকল্প, টাই মিউজিয়াম আৰু ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰি ক্ষোভিত হৈ পৰে বিধায়ক অখিল গগৈ । টাই মিউজিয়াম আৰু ৰংঘৰ প্ৰকল্প নিৰ্মাণত বিসংগতিৰ অভিযোগ বিধায়ক অখিল গগৈৰ । আনহাতে, ফোনযোগে ঠিকাদাৰক ধমক দিয়াৰ লগতে বিধায়ক অখিল গগৈয়ে সকীয়নি প্ৰদান কৰে ।

ৰংঘৰ প্ৰকল্প নিৰ্মাণত জড়িত জনৈক ৰোহিত চৌধৰী, অভিষেক কেজৰিৱাল আৰু গ্ৰ'ভাৰ নামৰ তিনিজন ঠিকাদাৰৰ বিৰুদ্ধে খঙত টিঙিৰি তুলা হৈ পৰে অখিল গগৈ ।

আনহাতে, টাই মিউজিয়াম নিৰ্মাণত ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ বিধায়কগৰাকীৰ । যাৰবাবে ঠিকাদাৰক তলৱ শিৱসাগৰৰ বিধায়কগৰাকীৰ । শীঘ্ৰেই উপস্থিত নহ'লে ৰংঘৰ প্ৰকল্পৰ কাম বন্ধ কৰি দিয়াৰো হুংকাৰ অখিল গগৈৰ ।

ইফালে সোমবাৰে টাই মিউজিয়াম পৰিদৰ্শন কৰি ঠিকাদাৰী প্ৰতিষ্ঠানৰ মালিকক ফোনৰ দ্বাৰা নিম্নমানৰ সামগ্ৰী সলনি নকৰিলে ব্যৱস্থা গ্ৰহণ কৰাৰো সকীয়নি দিয়ে অখিল গগৈয়ে ।

লগতে পঢ়ক :তিনিদিনত ২০ হাজাৰ য়াবা টেবলেট জব্দ, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা