কলিয়াবৰ: ভাৰতত প্ৰতি বছৰে ১ জুলাই দিনটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয় । চিকিৎসকসকলক সমাজত 'ভগৱানৰ দ্বিতীয় ৰূপ' বুলি কোৱা হয় । তেওঁলোকৰ অবিহনে এখন সুস্থ আৰু সবল সমাজ গঠন কৰাটো অসম্ভৱ । দিন-ৰাতি একাকাৰ কৰি ৰোগীৰ সেৱাত ব্ৰতী হোৱা চিকিৎসকসকল আমাৰ সমাজৰ প্ৰধান স্তম্ভস্বৰূপ । প্ৰখ্যাত চিকিৎসক, স্বাধীনতা সংগ্ৰামী আৰু পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ স্মৃতিত আজি ভাৰতত এই দিৱস পালন কৰা হয় ৷
কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ অশোক চন্দ্ৰ পাটৰে কয়, "আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস । দেশৰ বিখ্যাত চিকিৎসক ডাঃ বিধানচন্দ্ৰ ৰয়ৰ স্মৃতিত এই দিৱস পালন কৰা হয় । তেখেতক চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হয় । আমিও চিকিৎসক হিচাপে ৰাইজৰ সেৱা কৰিবলৈ পাই আমি কৃতজ্ঞ । আমি ৰাইজলৈ যিখিনি পাৰোঁ সহায় আগবঢ়াই আছোঁ । আগলৈও আগবঢ়ায় থাকিম । আজি আমাৰ চিকিৎসা সেৱাৰ লগত জড়িত সকলোলৈকে শুভেচ্ছা জনালোঁ ।"
আজিৰ দিনটোত এসময়ত কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ ওম প্ৰকাশৰ বিষয়েও স্মৰণ কৰি তেওঁ কয় যে এগৰাকী চিকিৎসক, পিছলৈ দেশৰ প্ৰশাসনিক বিষয়া হিচাপে কলিয়াবৰত কৰ্মৰত হৈ থকাৰ সময়ত তেওঁ চিকিৎসা, চিকিৎসালয় আৰু ৰোগীৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছিল ।
লগতে পঢ়ক : ডাঃ বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলি; 'চিকিৎসক দিৱস'ত মানৱদৰদী চিকিৎসকলৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ