জোনাই: জোনাইৰ ললাদ, গালী বৰবালী আৰু চু্ংক্ৰাং গাঁৱত মাহ-প্ৰসাদ খাই তিনি শিশুকে ধৰি ২০ জনকৈ লোক বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে । জানিব পৰা মতে, জোনাইৰ গালী মিগাং গাঁৱত এঘৰ মানুহৰ ঘৰত জন্মদিন উপলক্ষে অনুষ্ঠিত নাম-কীৰ্তনৰ মাহ-প্ৰসাদ খাইছিল ।
এই মাহ-প্ৰসাদ খোৱাৰ পিছতে ডায়েৰীয়া, বমি, পেটৰ বিষ, জ্বৰ আদি বিভিন্ন লক্ষ্যণে দেখা দিয়ে । নাম-কীৰ্তনত অংশগ্ৰহণ কৰা শিশুকে ধৰি ২০ জনকৈ লোক অসুস্থ হৈ পৰে ৷ আক্ৰান্তসকলৰ ভিতৰত তিনিগৰাকী শিশু, ৯ গৰাকী মহিলা আৰু ৮ গৰাকী পুৰুষ আছে ।
লগে লগে স্থানীয় লোক তথা পৰিয়ালে অসুস্থ হৈ পৰা লোকসকলক জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বৰ্তমানো তেওঁলোক চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
ঘটনা সন্দৰ্ভত এজন স্থানীয় যুৱকে জোনাইত বুটমাহ খাই বিষক্ৰিয়াৰ ঘটনা সঘনাই হৈ থকাৰ বাবে প্ৰশাসনক বুটমাহ বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ওপৰত তদন্ত কৰিবলৈ আহ্বান জনায় ।
এই সন্দৰ্ভত চিকিৎসালয়খনৰ চিকিৎসক ডাঃ গুণদা দলেই কয়, "বিষক্ৰিয়া হোৱা লোককেইজন অধিক সংকটজনক নহ'লেও স্বাস্থ্য কিছু দুৰ্বল হৈ আছে । গতিকে বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে ।"
আনহাতে, বাতৰি সংগ্ৰহ কৰা সময়লৈকে ২০ গৰাকী লোক চিকিৎসাধীন হৈ আছে যদিও চিকিৎসকে পৰৱৰ্তী সময়ত আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক :জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা