Surprise Me!

জোনাইত খাদ্যত বিষক্ৰিয়া; ৫০ আক্ৰান্তক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ

2026-07-02 2 Dailymotion

জোনাই : জোনাইৰ ললাদ, গালী বৰবালী আৰু চু্ংক্ৰাং গাঁৱত মাহ-প্ৰসাদ খাই ১১ শিশুকে ধৰি প্ৰায় ৫০ জনকৈ লোক বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে । জানিব পৰা মতে, জোনাইৰ গালী মিগাং গাঁৱত এঘৰ মানুহৰ ঘৰত জন্মদিন উপলক্ষে অনুষ্ঠিত নাম-কীৰ্তনৰ মাহ-প্ৰসাদ খাইছিল । ইতিমধ্যে আক্ৰান্তসকলৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰে ভিতৰত ৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

এই মাহ-প্ৰসাদ খোৱাৰ পিছতে ডায়েৰীয়া, বমি, পেটৰ বিষ, জ্বৰ আদি বিভিন্ন লক্ষ্যণে দেখা দিয়ে । নাম-কীৰ্তনত অংশগ্ৰহণ কৰা শিশুকে ধৰি ২০ জনকৈ লোক অসুস্থ হৈ পৰে ৷ আক্ৰান্তসকলৰ ভিতৰত ১৮ গৰাকী পুৰুষ আৰু ৩২ গৰাকী মহিলা আছে ।

লগে লগে স্থানীয় লোক তথা পৰিয়ালে অসুস্থ হৈ পৰা লোকসকলক জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বৰ্তমানো তেওঁলোক চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত এজন স্থানীয় যুৱকে জোনাইত বুটমাহ খাই বিষক্ৰিয়াৰ ঘটনা সঘনাই হৈ থকাৰ বাবে প্ৰশাসনক বুটমাহ বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ওপৰত তদন্ত কৰিবলৈ আহ্বান জনায় ।

এই সন্দৰ্ভত চিকিৎসালয়খনৰ চিকিৎসা বিষয়া ডাঃ গুণদা লাগাছু দলেয়ে কয়, "বিষক্ৰিয়া হৈ তিনিখন গাঁৱৰ পৰা মুঠ ৫০ গৰাকী ৰোগী আহিছে । তাৰে ভিতৰত পুৰুষ হৈছে ১৮ জন আৰু মহিলা ৩২ গৰাকী । ইয়াৰে ভিতৰত ১১ গৰাকী শিশু আক্ৰান্ত হৈছে । ৫০ গৰাকীৰ ভিতৰত ৫ গৰাকীৰ অলপ জটিল পাইছোঁ ।"  

উল্লেখ্য যে অনুষ্ঠানটোত প্ৰায় ৬০-৭০ গৰাকীয়ে প্ৰসাদ গ্ৰহণ কৰিছিল । ইফালে শেহতীয়াভাৱে আৰু ৫ গৰাকী লোক চিকিৎসালয়ত ভৰ্তি হোৱা বুলি জানিব পৰা হৈছে । আনহাতে, আৰু লোক আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক :জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা