চামগুৰি: নগাঁৱৰ বটদ্ৰৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱক কেন্দ্ৰ কৰি উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ বটদ্ৰৱাৰ আমলখি গাঁৱৰ এজন ব্যক্তি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পাছতে স্বাস্থ্য বিভাগৰ অধীনস্থ মেলেৰিয়া বিভাগৰ লোকসকল তৎপৰ হৈ পৰিছে ।
স্বাস্থ্য বিভাগৰ একাধিক বিষয়াই আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে অঞ্চলটোত ফ’গিং, ঔষধ স্প্ৰে, আঠুৱা ঔষধিকৰণ আৰু সজাগতামূলক কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।
লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰাইজক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, ঘৰৰ ভিতৰে বাহিৰে পানী জমা হ’বলৈ নিদিয়া, মহৰ কামোৰৰ পৰা সাৱধান হোৱাৰ লগতে স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনাইছে । আনকি জ্বৰ, মূৰৰ বিষ বা অস্বাভাৱিক লক্ষণে দেখা দিলে তৎক্ষণাত নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিবলৈও ৰাইজক আহ্বান জনাইছে ।
মেলেৰিয়া বিভাগৰ কৰ্মী প্ৰসন্ন শইকীয়াই কয়, ‘‘এই সময়ছোৱাত বহু ধৰণৰ ৰোগ হোৱা দেখা যায় ৷ বিশেষকৈ জাপানীজ এনকেফেলাইটিছ ৰোগে এই সময়ত মাৰাত্মক ৰূপ ধাৰণ কৰে ৷ সেয়ে এই ৰোগ যাতে বিয়পি নপৰে, তাৰ বাবে বিভিন্ন সময়ত সজাগত সভা আয়োজন কৰিছো ৷ আজি এই গাঁৱত আঠুৱা ঔষধিকৰণৰ ব্যৱস্থা হাতত লৈছো ৷’’
লগতে পঢ়ক : জাপানীজ এনকেফেলাইটিছৰ লক্ষণ কি ? তথা কিদৰে ইয়াক প্ৰতিৰোধ কৰিব পাৰি