ধুবুৰী: শুকুৰবাৰে ধুবুৰী আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা ৷ দীৰ্ঘদিন ধৰি ধুবুৰীৰ ভিন্ন প্ৰান্তত সন্ত্ৰাস চলোৱা পাঁচটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে ৷ চোৰ পাঁচটাৰ পৰা আৰক্ষীয়ে বহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ জালত পৰা পাঁচ গভাইত চোৰকেইটা অশোক আলী, ৰফিকুল আলী, জহিৰুল আলী, দুলাল আলী আৰু হেলাল আলী বুলি জানিব পৰা গৈছে ।
ধুবুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসে কয়, "কিছুদিন পূৰ্বে ধুবুৰীৰ হৰিসভা মন্দিৰৰ পৰা বহু মূল্যৱান সামগ্ৰী চুৰি কৰিছিল চোৰে ৷ চিচি টিভিত বন্দী হোৱা দৃশ্য আৰু গোপন খবৰৰ ভিত্তিত বগুলামাৰীত অভিযান চলোৱা হয় ৷ ধুবুৰী সদৰ আৰক্ষী আৰু ৰাইডাৰ আৰক্ষীৰ দলে বগুলামাৰীৰ জহিৰুল আলীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰীসহ জব্দ কৰে । জহিৰুল আলীৰ ভাষ্য অনুসৰি অশোক আলী, ৰফিকুল আলী, দুলাল আলী আৰু হেলাল আলীক গ্ৰেপ্তাৰ কৰা হয় ৷"
লগতে পঢ়ক : কলগাছিয়াত পথৰ মাজতে পুখুৰী সদৃশ গাঁত, সঘনাই দুৰ্ঘটনা