Surprise Me!

দীৰ্ঘদিনে আতংকৰ সৃষ্টি কৰা বনৰজা এইবাৰ যোৰহাটৰ চাহ বাগিছাৰ জালত

2026-07-04 0 Dailymotion

যোৰহাট: যোৰহাট টিলিকিআম পুৰণি মাটি চাহ বাগিচাত বিগত কেইটামান দিন ধৰি বাঘে আতংকময় পৰিৱেশৰ সৃষ্টি কৰি পোহনীয়া জীৱ-জন্তু আক্ৰমণ কৰি আহিছে আৰু ফলত চাহ শ্ৰমিকে মৰণত শৰণ দি বাগিচাত কাম কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিল । 

বাগিচাত বাঘৰ আতংকৰ বিষয়ে বাগিচাখনৰ শ্ৰমিকে যোৰহাট জিলা বনবিভাগক অৱগত কৰে আৰু সেই অনুসৰি বনবিভাগে বাঘে সন্ত্ৰাস চলোৱা স্থানত পিঞ্জৰা পাতে ।  

অৱশেষত বনবিভাগে পতা পিঞ্জৰাত আবদ্ধ হয় এজনী মাইকী নাহৰফুটুকী । ইতিমধ্যে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো যোৰহাট জিলা বন বিষয়া কাৰ্যালয়লৈ লৈ অনা হয়, তাতে প্ৰদান কৰা হ'ব চিকিৎসা । 

আনহাতে পিঞ্জৰাবদ্ধ বাঘটো কত মুকলি কৰি দিয়া হ'ব সেই বিষয়ে বনবিভাগে এতিয়াও ঠিৰাং কৰিব পৰা নাই। যোৰহাট বন বিভাগৰ ৰেঞ্জাৰগৰাকীয়ে এই কথা জানিবলৈ দিয়ে । আনহাতে বাগিচাখনৰ বিভিন্ন প্ৰান্তত আৰু নাহৰফুটুকীয়ে বিচৰণ কৰি আছে বুলিও শ্ৰমিকসকলে ক'ব খোজে ।  

উল্লেখ্য যে যোৰহাট জিলাখনৰ একাংশ চাহ বাগিচাত আতংকৰ অন্য এক নাম হৈ পৰিছে বনৰীয়া জীৱ-জন্তু, কাৰণ প্ৰায়ে জিলাখনৰ বিভিন্ন চাহ অধ্যুষিত অঞ্চলসমূহত বনৰীয়া হাতী সমান্তৰালভাৱে নাহৰফুটুকীয়ে আতংকৰ সৃষ্টি কৰে। বাঘৰ আক্ৰমণত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে । 

লক্ষ্যণীয় যে বিগত দিনসমূহত চাহ বাগিচা অঞ্চলত নাহৰফুটুকীৰ আতংক বৃদ্ধি পাইছে আৰু বন বিভাগে পতা পিঞ্জৰাত বহু কেইটা নাহৰফুটুকী আবদ্ধ হৈছে ।

লগতে পঢ়ক: পাহাৰৰ পৰা খহি পৰা মাটিয়ে লখিমপুৰত এজনৰ প্ৰাণ ল'লে!

বুঢ়ীদিহিং নদীৰ ত্ৰাসত ত্ৰস্তমান জাঁজীমুখবাসী, শ শ বিঘা ভূমি নদীৰ বুকুত