Surprise Me!

ৰঙিয়াত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, পিষ্টল জব্দ

2026-07-05 2 Dailymotion

ৰঙিয়া : ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চকত সংঘটিত এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এখন বিলাসী বাহন আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ হোৱাৰ পিছত বিলাসী বাহনখনৰ চালকে ডাম্পাৰৰ চালকক পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাৰ পাছত ৰঙিয়া আৰক্ষীয়ে ব্যৱসায়ী ৰথিন দত্তক আটক কৰে ।  

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে উদিয়ানা চকত এছ ০১ এইচচি ৭৮৮৩ নম্বৰৰ এখন ডাম্পাৰে হঠাতে ইউটার্ণ ল’বলৈ চেষ্টা কৰাৰ সময়তে গুৱাহাটী অভিমুখী এএছ ২৬ ই ২৬০০নম্বৰ আৰু এএছ ১৪ কিউ ৪৪১৪নম্বৰৰ আই ২০ বাহন দুখনৰ সৈতে সংঘৰ্ষ হোৱাত দুয়োখন বাহনতে কিছু পৰিমাণে ক্ষতি সাধন হয় ।

অভিযোগ অনুসৰি দুৰ্ঘটনাৰ লগে লগে বিলাসী বাহনখনৰ আসনত থকা নলবাৰীৰ বিদ্যাপুৰৰ ব্যৱসায়ী ৰথিন দত্তই ক্ষুদ্ধ হৈ ডাম্পাৰ চালকৰ ওচৰলৈ গৈ পিষ্টল দেখুৱাই ভাবুকি দিয়ে। ঘটনাটো কেইগৰাকীমান সচেতন নাগৰিকে প্ৰত্যক্ষ কৰি তৎক্ষণাত ৰঙিয়া আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে খবৰ পাই তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষী অহাৰ লগে লগে ৰথিন দত্তই পিষ্টলৰ কভাৰটো ওচৰৰ পুখুৰীত পেলাই দিয়াৰ অভিযোগ উঠিছে যদিও আৰক্ষীয়ে  পিষ্টলটো জব্দ কৰে ।

লগতে পঢ়ক:ৰঙাপাৰাৰ বৰজুলি বনৰীয়া ধান সংৰক্ষিত এলেকালৈ 'জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ'ৰ স্বীকৃতি

সীমান্তবাসীৰ বাসগৃহত নগাই লিখিলে জৰীপ নম্বৰ, অসম-নাগালেণ্ড সীমান্তত উত্তেজনা