মৰাণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ উদণ্ড চালকৰ বাবে এটাৰ পাছত আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ।
এইবাৰ মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মৰাণৰ খটখটিত দেওবাৰে নিশা সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাত ছুইফ্ট ডিজায়াৰ আৰু যাত্ৰীবাহী অট'ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন থিতাতে নিহত হয় । শিশু-মহিলাসহ প্ৰায় পাঁচগৰাকী গুৰুতৰভাৱে আহত হয় ।
নিহত লোকজনৰ বীৰেণ ভূমিজ । আনহাতে গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
এএছ ০৬ এক্স ৬১৬৮ নম্বৰৰ ছুইফ্ট ডিজায়াৰখন শিৱসাগৰৰ পৰা মৰাণ অভিমুখে আহি আছিল । আনহাতে মৰাণৰ পৰা ঝলম অভিমুখে ৮/৯ গৰাকী যাত্ৰী লৈ এএছ ০৪ বিচি ২৩৭৭ নম্বৰৰ যাত্ৰীবাহী অ'টখন গৈ আছিল ।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তীব্ৰবেগী ছুইফ্ট ডিজায়াৰখনে যাত্ৰীবাহী অট'খনত খুন্দা মৰাৰ ফলত যাত্ৰীসকল পথত উফৰি পৰে ।
এই বাহনখনত মুঠ চাৰিগৰাকী লোক আছিল । চালকৰ আসনত থকা যুৱকজন সুৰাসক্ত হৈ আছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক:ৰঙিয়াত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, পিষ্টল জব্দ
একেখন মটৰচাইকেলত আছিল ৪ জন, থিতাতে ৩ জনৰ মৃত্যু