Surprise Me!

সিংহৰ সৈতে খেলা

2026-07-07 0 Dailymotion

দিন-দুপৰতে সিংহৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ব্যক্তি ৷ কালুভাই বোঘভাই পৰমাৰ নামৰ ব্যক্তিজনে ঘৰৰ সমীপতে গৰু চৰাবলৈ যোৱাৰ সময়তে ওচৰৰ জোপোহাৰ পৰা এটা সিংহ ওলাই আহি লোকজনক আক্ৰমণ কৰে ৷ লগে লগে চৌদিশে এক আতংকৰ পৰিবেশ সৃষ্টি হয় ৷ আক্ৰমণৰ প্ৰত্যক্ষদৰ্শী গাঁৱৰ লোকসকলে হৈ-হাল্লা কৰাত সিংহটো সেই স্থানৰ পৰা পলায়ন কৰে আৰু লোকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ সিংহটোৰ আচোঁৰ আৰু কামোৰত কালুভাই বোঘভাই পৰমাৰ গুৰুতৰভাৱে  আঘাতপ্ৰাপ্ত হয় ৷ এই ঘটনা বন্দী হোৱা ভিডিঅ’টো সম্প্ৰতি সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈছে ।