বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ মন্ত্রী পীযুষ হাজৰিকা । নিৰ্বাচনত অখিল গগৈয়ে ধন ব্যয় কৰাৰ প্ৰসংগত মন্ত্রী গৰাকীয়ে কয়, "তেওঁ কিজানি কাৰোবাক ব্লেকমেইলিং কৰি ধন লৈছে । খবৰ ল'লেই হ'ল কাৰ পৰা ল'লে, ক'ৰ পৰা ল'লে আৰু কাক ব্লেকমেইলিং কৰি ল'লে । কাক মিছা কথা কৈ ল'লে ।"
মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, "ইথানলৰ বিৰোধিতা কৰি অখিল গগৈয়ে কৃষকৰ পেটত লাঠ মাৰিব খুজিছে ।"
অসমৰ থানাসমূহত গোচৰ পঞ্জীয়নভুক্ত বিষয়ত বিধায়ক অখিল গগৈক প্ৰত্যুত্তৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ । অখিল গগৈয়ে শপতনামাত ভুল তথ্য দিয়াৰ গুৰুতৰ অভিযোগ মন্ত্ৰী হাজৰিকাৰ ।