ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে উত্তৰাখণ্ডত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । পাহাৰীয়া ৰাজ্যখনৰ প্ৰায় সকলোতে ভূমিস্খলন সংঘটিত হৈছে ৷ যাৰ ফলত মানুহৰ ঘৰ-দুৱাৰ অসুৰক্ষিত হৈ পৰা দেখা গৈছে । শেহতীয়াকৈ উত্তৰাখণ্ডৰ টেহৰী গড়োৱাল জিলাৰ সুৰকান্দাৰ সমীপৰ কদ্দুখালত এটা পুৰণি অট্টালিকা তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰে । এই ঘৰ ভাঙি পৰাৰ ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে ৷