টীয়ক: বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত এক আশাব্যঞ্জক খবৰ আহিছে । অসম বিধানসভাৰ বাজেট অধিৱেশনত ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত যোৰহাট-মাজুলী সংযোগী এই গুৰুত্বপূৰ্ণ দলংখন সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰা হৈছে । চৰকাৰৰ এই ঘোষণাই মাজুলীবাসীৰ লগতে সমগ্ৰ উজনি অসমৰ জনসাধাৰণৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে ।
বিগত সময়ত যদিও কোম্পানীসমূহৰ গাফিলতিৰ বাবে দলঙৰ কাম সম্পূৰ্ণ নোহোৱাত মুখ্যমন্ত্ৰীক দলংখন ক্ষিপ্ৰতাৰে নিৰ্মাণৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ নৈপৰীয়া ৰাইজে আহ্বান জনাইছে । এই সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়, "কালি অসম বিধানসভাৰ অধবেশনত যোৰহাট- মাজুলী সংযোগী দলঙখনক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাত আমি বৰ আনন্দিত হৈছো । এই দলঙখন ২১ চনতে আৰম্ভ হৈছিল যদিও বিগত সময়চোৱাত ইয়াত নিয়োজিত কোম্পানীসমূহৰ গাফিলতিয়েই হওক বা চৰকাৰৰ বিভিন্ন কাৰণতে হওক হৈ উঠা নাছিল ।"
তেওঁ লগতে কয়, "এইবাৰ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ আমি উৎফুল্লিত হৈছো । আমি মাত্ৰ এটাই অনুৰোধ জনাম যে এইবাৰ মুখ্যমন্ত্ৰীয়ে নিজে গুৰুত্ব প্ৰদান কৰি কামটো সম্পূৰ্ণ কৰে যেন । এই দলংখন হ'লে আমাৰ দুয়োপাৰৰ ৰাইজৰ শিক্ষা, স্বাস্থ্য তথা আৰ্থসামাজিক উন্নয়ন হ'ব । সেয়ে আমি অতি আশাবাদী ।"
লগতে পঢ়ক:অৰুণাচলৰ বামিন বিলাতত ভূমিস্খলনত বিধ্বস্ত জলসিঞ্চনৰ নলা, কৃষকৰ হাহাকাৰ
১৩ জুলাইৰ পৰা দুমাহৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং