Surprise Me!

ভাল ডাক্টৰ- বেয়া ডাক্টৰ

2026-07-11 0 Dailymotion

প্ৰত্যেকজন চিকিৎসকে ভাল চিকিৎসক আৰু প্ৰত্যেকজন চিকিৎসকে নিষ্ঠাৰে মানৱতাক সেৱা কৰি আছে ৷ আমাৰ মনৰ পৰা ভাল চিকিৎসক আৰু বেয়া চিকিৎসক এই ধাৰণা আঁতৰাব লাগে ৷ অসম বিধানসভাত স্বাস্থ্য়খণ্ডক লৈ বিধায়কৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত চিকিৎসকক লৈ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এই কথা ব্যক্ত কৰে ৷

এখন চিকিৎসালয়ত নিউৰ'লজী, কাৰ্ডিঅ'লজী আদি বিভাগসমূহ আৰম্ভ কৰিবলৈ সময়ৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰি পৰ্যায়ক্ৰমে সকলো চিকিৎসা মহাবিদ্যালয়ত এই সেৱাসমূহ আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷