যোৰহাট : ৰাজ্যত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হৈছে । তাৰ মাজতে তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে প্ৰকাশ কৰা হয় এই খচৰা ভোটাৰ তালিকা । সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাসে জনোৱা মতে, দুটা সমষ্টি হৈছে ক্ৰমে ২১ নং বৰহোলা সমষ্টি আৰু ২২ নং বজালকটা সমষ্টি ।
তেওঁ জনোৱা মতে,"২১ নং বৰহোলা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,৯০৮ । ইয়াৰে পুৰুষ ভোটাৰ ১,৪০৪ আৰু মহিলা ভোটাৰ ১,৫০৪ গৰাকী ।বজালকটা সমষ্টিত মুঠ ভোটাৰ আছে ২,৪৪৮ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ১,২০৫ জন আৰু মহিলা ভোটাৰ ১,২৪৩ গৰাকী । দুয়োটা সমষ্টিতে মহিলা ভোটাৰৰ সংখ্যা বেছি ।"
সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাসে সংবাদমেল সম্বোধন কৰি কয়, "আমি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলো । ওজৰ আপত্তি থাকিলে ২৫ জুলাইলৈ আবেদন কৰিব পাৰিব । ৩ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ।"
লগতে পঢ়ক :
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : খচৰা ভোটাৰ তালিকা প্ৰকাশ