Surprise Me!

মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথকে টেট অনুষ্ঠিত কৰাটো অসম্ভৱ : শিক্ষামন্ত্ৰী ৰণোজ পেগু

2026-07-12 1 Dailymotion

জোনাই : মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথকে টেট পতাৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ দেওবাৰে জোনাইৰ টিএমপিকেৰ ১৭ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমত মন্ত্ৰী পেগুৱে কয়,"কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথকৈ টেট অনুষ্ঠিত কৰাটো সম্ভৱ নহয় ৷"

উল্লেখ্য যে, টিএমপিকেয়ে দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা মিচিং অধ্যুষিত অঞ্চলৰ ২০০খন প্ৰাক-প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ দাবী কৰি আহিছে ৷ টিএমপিকেৰ দাবীৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, "কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথক টেট অনুষ্ঠিত কৰাটো সম্ভৱ নহয়, যদিও ভৱিষ্যতে এই ২০০খন বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষভাবে কিছু পদ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । সেই পদসমূহত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ মিছিং ভাষাৰ ওপৰত সম্যক জ্ঞান থকাটো বাধ্যতামূলক হ'ব ৷"

আনহাতে শিক্ষকৰ পাৰস্পৰিক বদলিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে পাৰস্পৰিক বদলিৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে । নিৰ্ধাৰিত সময়ত সমগ্ৰ প্ৰক্ৰিয়াৰ ফলাফল আৰু সংশ্লিষ্ট তথ্য ৰাজহুৱাভাৱে ঘোষণা কৰা হ'ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : ৰাজ্যজুৰি প্ৰায় ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ধ্বংস, মুখ্যমন্ত্ৰী নিজেই নামিল অভিযানত