Surprise Me!

পুঠি নদীৰ ৰিং বান্ধ ছিগিল: ৫ খন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি

2026-07-13 0 Dailymotion

যোৰহাট: টীয়কৰ বলমা অঞ্চলত হাহাকাৰ পৰিস্থিতি । নিশা পুঠি নদীৰ ৰিং বান্ধ ছিগাৰ ফলত বৃহত্তৰ বলমা অঞ্চল বানৰ কবলত পৰে । জানিব পৰা মতে প্ৰায় ৫ খন গাঁও এতিয়া পানীৰ তলত । ৰাইজৰ পশুধন, কঠীয়াতলি, বামখেতি সকলো বৰ্তমান পানীৰ তলত । খৰালি ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ কৰিছে ৰাইজে । ৰাইজে জনোৱা মতে প্ৰতিবছৰে বলমা অঞ্চলটো বানৰ কবলত পৰে ।

ইয়াৰ স্থায়ী সমাধান বিচাৰি স্থানীয় এজন যুৱকে কয়, "এয়া আমাৰ কোনো নতুন সমস্যা নহয় । নিশা বানৰ ফলত আমাৰ পশুধনসহ কৃষিভূমি আদিৰ বিস্তৰ ক্ষতিসাধন হৈছে । আমি এইবোৰ সমস্যাৰ সৈতে মোকাবিলা কৰি আছোঁ । কিন্তু আমি এই সমস্যাৰ আৰু কিমান দিন মোকাবিলা কৰিব লাগিব । আমি জনপ্ৰতিনিধি তথা বিভাগক আমাৰ সমস্যাবোৰ প্ৰতিবাৰে অৱগত কৰি আহিছোঁ যদিও কোনেও গুৰুত্ব দিয়া নাই । সেয়ে এইবাৰ অন্ততঃ খৰালি বান্ধটো মেৰামতি কৰি আমাৰ কৃষিজীৱী ৰাইজক উপকৃত কৰিবলৈ দাবী জনাইছোঁ ।"

লগতে পঢ়ক :

সৃজনগ্ৰামত পথৰ দুৰৱস্থাই ঘটিয়ে ঘটিয়ে পানী খুৱাইছে ৰাইজক, দহবাৰ চিন্তা কৰিব লাগে খোজ দিবলৈ