Surprise Me!

আৰক্ষী বুলি পৰিচয় দিয়া সকলোকে বিশ্বাস নকৰিব !

2026-07-13 20 Dailymotion

ধুবুৰী: সাৱধান ! আৰক্ষীৰ বেশত ঘূৰিছে ডকাইতৰ বৃহৎ চক্ৰ । আৰক্ষীৰ লোক বুলি পৰিচয় দি আপোনাকো লুটপাত কৰিব পাৰে ডকাইতৰ দলে । ধুবুৰীত তেনেকুৱাই এটা ঘটনাই সংঘটিত হ'ল । আৰক্ষীৰ লোক বুলি পৰিচয় দি ধুবুৰীৰ মাজমজিয়াত ৫৯ বছৰীয়া এগৰাকী মহিলাৰ পৰা কাঢ়ি লৈ গ'ল সোণৰ অলংকাৰ । চহৰখনৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা জ্যোৎস্না বেগম নামৰ মহিলাগৰাকীয়ে চহৰখনৰ মিচেল ৰোডলৈ গৈ থাকোঁতে দুজন যুৱকে তেওঁক আৰক্ষীৰ লোক বুলি পৰিচয় দিছিল । তাৰ পিছত পিন্ধি থকা সোণৰ অলংকাৰবোৰ বেগত ভৰাবলৈ দিয়ে । মহিলাগৰাকীয়ে সেইমতে তেওঁৰ সোণৰ গহনাবোৰ খুলি বেগত ভৰাবলৈ লওঁতেই দুই যুৱকে হাতৰ পৰা বেগটো কাঢ়ি পলায়ন কৰে ।

ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে । এই সন্দৰ্ভত পৰিয়ালৰ সদস্যই কয়, "মোৰ শাহুৱে ভাৰত মেডিকেললৈ আহিছিল । তেতিয়া দুজন মানুহ পিছফালৰ পৰা আহিছিল । মাক ক'লে যে আমি পুলিচৰ মানুহ । আই কাৰ্ডো দেখুৱাইছিল । তেওঁলোকে মাক সোণৰ অলংকাৰবোৰ বেগত ভৰাই ল'বলৈ ক'লে । মায়ে প্ৰথমে অস্বীকাৰ কৰিছিল । কিন্তু তেতিয়া আন এজন মানুহে আহি মাৰ সন্মুখতে তেওঁৰ অলংকাৰ খুলি পকেটত থলে । এজনে মাক ধমক দি ক'লে যে আপুনি কিয় ৰখা নাই । তেতিয়া মায়ে অলংকাৰবোৰ খুলি বেগত ভৰাওঁতেই কাঢ়ি লৈ বাইকেৰে পলায়ন কৰিলে । সোণখিনিৰ মূল্য ৪ লাখমান টকা হ'ব । আমি ধুবুৰী থানাত ইতিমধ্যে এজাহাৰ দিছোঁ ।"

লগতে পঢ়ক :

অসমৰ মাটিত নগাৰ জৰীপ: বাধা দিয়া অসমীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ