সোণাপুৰ: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অসম-মেঘালয় সীমান্তৰ সোণাপুৰৰ বৰ্ণিহাটৰ আমতলা বস্তিত মহিলাই তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিল স্থানীয় মহিলাসমাজ ।
সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্ণিহাটৰ আমতলা বস্তিত ইয়াকে কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন আৰু অবৈধ বিক্ৰীৰ বিৰুদ্ধে অঞ্চলটোৰ শতাধিক মহিলাই একগোট হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । স্থানীয় ৰাইজৰ তৎপৰতাত ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰে ।
উল্লেখ্য যে, দেওবাৰে নিশা স্থানীয় ৰাইজৰ সজাগতা আৰু তৎপৰতাৰ বাবেই আৰক্ষীয়ে সফলতা লাভ কৰে । দেওবাৰৰ এই ঘটনাৰ পাছতেই সোমবাৰে সমগ্ৰ অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি হয় । অঞ্চলটোৰ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই চক্ৰটোৰ বিৰুদ্ধে পুৱাই স্থানীয় মহিলাসকল ওলাই আহে । প্ৰতিবাদকাৰীসকলে অঞ্চলটোত এক সমদল উলিয়াই ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ।
এই সন্দৰ্ভত এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, "আমাৰ শান্তিপূৰ্ণ অঞ্চলটোক একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ধ্বংস কৰিবলৈ ওলাইছে । আৰক্ষী-প্ৰশাসনে অচিৰেই এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । কেৱল এজনক আটক কৰিয়েই ক্ষান্ত থাকিলে নহ’ব, এই সমগ্ৰ নেটৱৰ্কটো উৎখাত কৰিব লাগিব । সীমান্তবৰ্তী অঞ্চল হোৱাৰ সুযোগ লৈ যাতে কোনো অপৰাধী সাৰি যাব নোৱাৰে, তাৰ বাবে আৰক্ষীক নিয়মীয়া তহলদাৰী ব্যৱস্থা কৰক ।"
লগতে পঢ়ক:আগন্তুক পাঁচ বছৰত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব যুঁজ : মুখ্যমন্ত্ৰীৰ ঘোষণা
ৰাজ্যজুৰি প্ৰায় ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট, মুখ্যমন্ত্ৰীও নামিল অভিযানত