Surprise Me!

১৬ দিনত তিনিটাকৈ মৃতদেহ উদ্ধাৰ: ৰহস্য ভেদত বিফল বঙাইগাঁও আৰক্ষী

2026-07-14 23 Dailymotion

বঙাইগাঁও: বঙাইগাঁৱত সঘনাই উদ্ধাৰ হৈছে এটাৰ পিছত অন এটা মৃতদেহ ৷ পানী যুৱলি কিম্বা জংঘলত উদ্ধাৰ হৈছে মৃতদেহ ৷ ১৬ দিনৰ ব্যৱধানত উদ্ধাৰ তিনিটাকৈ মৃতদেহ ৷  

সোমবাৰে নিশাও উদ্ধাৰ হয় আন এটা অচিনাক্ত মৃতদেহ ৷ নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনৰ সমীপত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ ৰে'লৱে ষ্টেচনৰ পানী টেংকীৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো । পানী টেংকীৰ সন্মুখৰ হাবিত সন্দেহজনক অৱস্থাত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো ।  

প্ৰাপ্ত তথ্য অনুসৰি, স্থানীয় একাংশ লোকে প্ৰথমে মৃতদেহটো হাবিত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । অৱশ্যে এয়া হত্যা নে আন কিবা সেয়া ৰহস্যৰ আৱৰ্তত । সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত কৰি আছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ।  

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২৭ জুনত এক ৰহস্যজনক পৰিস্থিতিত এজন অৱসৰপ্ৰাপ্ত এছএছবি জোৱানৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ তাৰপিছত পুনৰ ৩০ জুনত আন এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হয় ৷ কিন্তু ১৬ দিনত ৩টাকৈ মৃতদেহ উদ্ধাৰ হ'লেও ঘটনাৰ কাৰণ উদ্ঘাটনত ব্যৰ্থ বঙাইগাঁও আৰক্ষী ৷ ইফালে তিনিটা মৃতদেহৰ দুটা এতিয়াও চিনাক্ত হোৱা নাই ৷ 

এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "ইয়াত সাধাৰণতে মানুহৰ অহা-যোৱা নহয় । কিন্তু এইটো চমু ৰাস্তা হোৱা বাবে কোনো লোকে প্ৰত্যক্ষ কৰে যে মৃতদেহ পৰি আছে । কোনোবাই নিচা কৰিব লাগিলে ইয়াত আহি কৰে । কোনোবাই দেখিলে খেদি দিয়ে ।"

লগতে পঢ়ক :কেনেকৈ মৃত্যু হ'ল প্ৰাক্তন অৱসৰপ্ৰাপ্ত এছএছবি জোৱানৰ ! - ইটিভি ভাৰত অসম