টীয়ক: বৰ্তমান ৰাজ্যৰ অধিকাংশ নগৰ-চহৰেই কৃত্ৰিম বানৰ কবলত পৰিছে । অপৰিকল্পিত গৃহ, পথ, নলা নিৰ্মাণৰ ফলত কৃত্ৰিম বানে জুৰুলা কৰিছে সাধাৰণ জনতাক । একেদৰে এজাক বৰষুণতে পানীৰ তলত টীয়ক নগৰৰ মাজেদি যোৱা নৱনিৰ্মিত চাৰিলেনযুক্ত পথ । উল্লেখযোগ্য উক্ত পথছোৱা তথা নলাসমূহ নিৰ্মাণ কৰোঁতেই স্থানীয় সচেতন ৰাইজ, বিভিন্ন দল-সংগঠনে পথ নিৰ্মাতা সন্থা তথা এনএইচআইডিচিএলক টীয়কত যে কৃত্ৰিম বান সৃষ্টি হ'ব সেয়া অৱগত কৰিছিল ।
তথাপিও উৰ্ধতম কৰ্তৃপক্ষই ৰাইজৰ কথা আওকাণ কৰি নিজৰ ময়মতালিৰে কোনো জোখ-মাখ নোহোৱাকৈ এইদৰে ঠায়ে ঠায়ে পথতকৈ ওখ বা ঠায়ে ঠায়ে চাপৰকৈ নিৰ্মাণ কৰি নিজৰ দায়িত্ব সামৰিলে আৰু তেতিয়াৰে পৰা এজাক বৰষুণ দিলেই এইদৰে পথছোৱা পানীৰ তলত ডুব গৈ আহিছে ।
এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য ৰণ্টু ভুঞা টীয়কত উপস্থিত হৈ কয়, "এনএইচআইডিচিএল তথা উৰ্ধতম কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতেই এতিয়া ৰাইজে এইদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । আমি বহুবাৰ এই পথছোৱা তথা নলাবোৰ নিৰ্মাণ কৰি থাকোতেই ইয়াত যে কৃত্ৰিম বানৰ সৃষ্টি হ'ব সেয়া অনুভৱ কৰি তেওঁলোকক জনাইছিলোঁ, ৰাইজেও অভিযোগ দিছিল । কিন্তু এনএইচআইডিচিএল কৰ্তৃপক্ষই তেতিয়া কোনো গুৰুত্ব নিদিলে, যাৰ ফল আজি ৰাইজে ভোগ কৰিছে ।"
তেওঁ আৰু কয়,"ইপিনে যোৱা ডেৰ-দুবছৰৰ আগতে ৰাইজৰ অভিযোগৰ ভিত্তিত উৰ্ধতম কৰ্তৃপক্ষই নলা তথা পথছোৱা পুনৰ জৰীপ কৰিবলৈ নিৰ্দেশনা দিছিল যদিও কোনো কোনো নিদিষ্ট স্থানত জৰীপ তথা মেৰামতি কৰিয়েই ৰহস্যজনকভাৱে দায়িত্ব সামৰিলে ঠিকাদাৰী পক্ষই । সেয়ে এই ক্ষেত্ৰত উচিত তদন্ত কৰি পথছোৱাৰ এই সমস্যা ততাতৈয়াকৈ সমাধান কৰিবলৈ আমি জিলা প্ৰশাসন তথা দায়বদ্ধ কৰ্তৃপক্ষক আহ্বান জনাইছোঁ ।"
লগতে পঢ়ক: ভাৰতীয় ৰে'লৱেত নিযুক্তিৰ নামত দুষ্টচক্ৰৰ গোপন বেহা; লাখে লাখে ধন সংগ্ৰহ প্ৰৱঞ্চকৰ - ইটিভি ভাৰত অসম
জোনাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সেৱাদল, সাহায্য সামগ্ৰী বিতৰণ - প্ৰদেশ কংগ্ৰেছ কমিটি