ওড়িশা: ১৬ জুলাই, বৃহস্পতিবাৰৰ পৰা ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ ৰথযাত্ৰা আৰম্ভ হৈছে । সমগ্ৰ দেশৰ লগতে বিশ্বৰ লাখ লাখ ভক্তই এই মহোৎসৱত অংশগ্ৰহণ কৰিছে । পুৰীৰ ৰথযাত্ৰা উপলক্ষে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বলুকা শিল্পী তথা পদ্মশ্ৰী বঁটা বিজয়ী সুদৰ্শন পাটনায়কে সাগৰৰ পাৰত এক বিশেষ বলুকা শিল্পৰ সৃষ্টি কৰে । য’ত শিল্পীগৰাকীয়ে ভগৱান জগন্নাথৰ লগতে বালিৰে ১০০ খন ক্ষুদ্ৰ ৰথ নিৰ্মাণ কৰিছে ।
উল্লেখ্য যে, পুৰীৰ ৰথযাত্ৰাৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । ভগৱান জগন্নাথৰ এই ৰথযাত্ৰাক হিন্দু সনাতন ধৰ্মৰ অন্যতম বৃহৎ প্ৰাচীন ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয় । প্ৰতি বছৰে ভাৰত আৰু বিদেশৰ লাখ লাখ ভক্তই পুৰীৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।
লোকবিশ্বাস অনুসৰি, এই সময়ছোৱাত ভগৱান জগন্নাথে তেওঁৰ জ্যেষ্ঠ ভাতৃ ভগৱান বলোভদ্ৰ আৰু ভগ্নী দেৱী সুভদ্ৰাৰ সৈতে মন্দিৰৰ পৰা ওলাই আহি তেওঁৰ ভক্তসকলক দৰ্শন দিয়ে । এই মুহূৰ্তটো অলৌকিক, আচৰিত আৰু আৱেগেৰে ভৰা ৷
লগতে পঢ়ক : নাই ওখ ওখ দেৱাল, নাই অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষী: কয়দীৰ বাবে সাজু এখন মুক্ত কাৰাগাৰ