Surprise Me!

পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু, ক্ষতিপূৰণৰ দাবীত মৃতদেহ লৈ পথ অৱৰোধ ৰাইজৰ

2026-07-16 2 Dailymotion

তিনিচুকীয়া: মৃতদেহ লৈ তিনিচুকীয়া–ডিগবৈ পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । তিনিচুকীয়া জিলাৰ মাকুমৰ আনন্দবাগ বাগিচাৰ বালিজানত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বুধবাৰে নিশা মাকুম-ডিগবৈ পথৰ আনন্দবাগ চাহ বাগিচাৰ বালিজানত এএছ-২৩-এ-৫৩১৫ নম্বৰৰ এখন টাটা ৭০৯ ট্ৰাক আৰু বাজাজ এন-এছ-১২৫ মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হয় । উক্ত দুৰ্ঘটনাত মটৰচাইকেলখনৰ আৰোহীদ্বয় আনন্দবাগ চাহ বাগিচাৰ ৭ নম্বৰ লাইনৰ নাথু কৰ্মকাৰ (২৬) আৰু অজয় কালান্দীৰ (৩০) ঘটনাস্থলীতে মৃত্যু হয় ।  

মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ অন্তত বৃহস্পতিবাৰে পৰিয়ালৰ হাতত চমজাই দিয়াৰ পিছতে স্থানীয় ৰাইজে মৃতদেহ লৈ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে নিহত দুগৰাকীৰ পৰিয়ালক চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ফালৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে দুৰ্ঘটনাৰ বাবে দায়ী বাহনখনৰ চালকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । পথ অৱৰোধৰ ফলত তিনিচুকীয়া–ডিগবৈ পথত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে । পিছত আৰক্ষী তথা প্ৰশাসনৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা মিলিত হোৱাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

লগতে পঢ়ক: তিনিচুকীয়াত নাৰীদেহ ব্যৱসায়ৰ সৈতে জড়িত ৫ জনক আটক; উদ্ধাৰ ৪ কিশোৰী

বিনামূলীয়া নামভৰ্তিৰ দাবীত ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী