Surprise Me!

বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি; ছিপাঝাৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

2026-07-18 0 Dailymotion

মঙলদৈ : দৰঙৰ ছিপাঝাৰত বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত এজন লোকৰ মৃত্যু । মৃত্যু হোৱা ব্যক্তিজন ছিপাঝাৰৰ চ'লাৰদলৰ ডিম্বেশ্বৰ নাথ (৪৭) বুলি জানিব পৰা গৈছে ।

শুকুৰবাৰে নিশা গোৱাল সন্থাৰ সভাৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো । পথৰ ওপৰত ছিঙি পৰি থকা বৈদ্যুতিক তাঁৰত লাগি সংঘটিত হয় এই দুৰ্ঘটনাটো । নিশাতেই প্ৰথমে ছিপাঝাৰ চিকিৎসালয় আৰু উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও লোকজন মৃত্যুমুখত পৰে ।  

ডিম্বেশ্বৰ নাথৰ বন্ধু এগৰাকীয়ে এই দুৰ্ঘটনা সম্পৰ্কে কয়, "আমি গোৱাল সন্থাৰ এখন সভাৰ পৰা ঘৰলৈ উভতি আহি আছিলোঁ । ডিম্বেশ্বৰ আগত আহি আছিল, আমি আহি থকা ৰাস্তাত লাইনৰ তাঁৰ আগৰে পৰা ছিঙি পৰি আছিল । তেওঁ গম নাপায়, তাঁৰত ভৰি লাগিল । আমি দেখা পাই তেওঁক বচাবলৈ বাঁহ, হাকোটা আদি বিচাৰোঁ, বিপদৰ সময়ত এইবোৰ বিচাৰি নাপায় । ১০ মিনিটমান সময়ৰ পিছত হাকোটাৰে টানি এৰুৱাই তাক উদ্ধাৰ কৰোঁ । তেতিয়া দহমান বাজিছে, আমি সাতজন আছিলোঁ । গছত লাগি তাঁৰডাল ছিঙিছে, বিদ্যুৎ বিভাগে এইবোৰ গুৰুত্ব দিব লাগে ।"

আনহাতে, গাঁওবাসীয়ে বিদ্যুৎ বিভাগৰ লগতে চৰকাৰক ভুক্তভোগী পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় । ইফালে এতিয়াও অঞ্চলটোত বহু বৈদ্যুতিক তাঁৰ বিপদসংকুলভাৱে ওলমি আছে । কিন্তু এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই । তেনে ক্ষেত্ৰত বিদ্যুৎ বিভাগ কেতিয়া সাৰ পাব, কেতিয়া এই বিপদসংকুল তাঁৰসমূহ মেৰামতি কৰিব তাকে লৈ ৰাইজে প্ৰশ্ন কৰিছে ।

লগতে পঢ়ক :বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ ৰাইজ, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে খোৱাঙত প্ৰতিবাদ ৰাইজৰ