Surprise Me!

চৰাইদেউ জিলাত ভয়াবহ বান, নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত ৰাইজ

2026-07-20 7 Dailymotion

ডিব্ৰুগড় : সোমবাৰেও চৰাইদেউ জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি । বৰষুণৰ পৰিমাণ কমিছে যদিও বানৰ ভয়াবহতা কমা নাই । ফলত টালি টোপোলা বান্ধি বানাক্ৰান্ত ৰাইজে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । 

জিলাখনৰ ক্ৰমে বেকাঁদংল, টিঙালীবাম, সাপেখাতী, খামলুং, ৰাইদঙীয়া ন-কছাৰী, নাফুক, নাফুক চাহ বাগিছা, দৈচলং, টিয়কহাবি, টিঙালীবাম বাগিছা, ৰংচোৱাল, চাউৰংগাবাম, অভয়পুৰ, চাফ্ৰাই আদি বিস্তীৰ্ণ এলেকা বানত প্লাৱিত হৈছে ৷

ইফালে চৰাইদেউ জিলাৰ সদৰ সোণাৰি চহৰ প্ৰথমবাৰলৈ বানৰ কৱলত পৰিছে । জিলাখনৰ প্ৰায় সমূহ পথ, উপপথ পানীয়ে বুৰাই পেলোৱাত জিলাখনত যাতায়ত সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিল। 

জিলা প্ৰশাসনে বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে যদিও বহু লোক পানীৰ মাজতে আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে । বানাক্ৰান্তৰ বাবে হেল্প লাইন নম্বৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।

চৰাইদেউ জিলাখনৰ বান পৰিস্থিতিক লৈ জিলা আয়ুক্ত নেহা যাদৱে কয় যে, তিনিটাকৈ উদ্ধাৰকাৰী দলে দেওবাৰৰ পৰা কাম কৰি আছে। টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত সোণাৰি চহৰখন পানীয়ে বুৰাই পেলাইছে । ডিব্ৰুগড়, তিনিচুকীয়া আৰু লক্ষীমপুৰ জিলাৰ পৰা উদ্ধাৰ কাৰ্যৰ বাবে উদ্ধাৰকাৰী দল আহিছে।

লগতে পঢ়ক : শিৱসাগৰ হৈ পৰিল মহাসাগৰ: ৫০ বছৰে নেদেখা বানে নিশাটোতে ঢাঁহি-মুহি নিলে সকলো