Surprise Me!

টীয়কত ভয়ানক অঘটনৰ পৰা ৰক্ষা, এনডিআৰএফৰ বাবে প্ৰাণৰক্ষা ৫ লোকৰ

2026-07-21 2 Dailymotion

যোৰহাট : মঙলবাৰেও যোৰহাট জিলাত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ মৰিয়নিৰ ভিন্ন প্ৰান্তত জাঁজী আৰু টীয়ক নদীৰ বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ । চেলেংহাটৰ বেলতল, টেঙাবাৰী, হাটিমুৰীয়া, দুলীয়া, লুখুৰাখন, পানী গাঁও, পানীটোলা, লেফেৰা, হালোৱাপথাৰ, কোঁৱৰগাঁৱকে ধৰি শতাধিক গাঁও পানীৰ তলত ।

টীয়কত ভয়ানক অঘটনৰ পৰা ৰক্ষা

জলবন্দী ৰাইজৰ মাজত হাহাকাৰ ৷ আনহাতে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত চেলেং চাহ বাগিচাৰ সমীপৱৰ্তী চেলেংহাট বানপীড়িত এলেকাত বাঁহৰ খুঁটাত ধৰি অতি সংকটজনক অৱস্থাত ওলমি থকা এগৰাকী যুৱতী লগতে বানত উঠি যাবলৈ ধৰা শিশুসহ ৫জনক উদ্ধাৰ কৰে এনডিআৰএফৰ উদ্ধাৰকাৰী দলে ৷ 

ইয়াৰ ফলত পাঁচগৰাকীকৈ বানাক্ৰান্ত মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ।

টীয়ক ৰাজহ চক্ৰ অন্তৰ্গত চেলেংহাটৰ বৈচাহাবিত শহুৰেকক শেষকৃত অনুষ্ঠান সামৰি ঘৰলৈ উভতি অহাৰ সময়ত প্ৰৱল বানে উঠুৱাই নিয়ে পৱিত্ৰ নায়ক আৰু দেৱা নায়ক নামৰ দুজন যুৱকক । কোনো মতে ৰক্ষা পৰে দেৱা নায়ক, কিন্তু পৱিত্ৰ নায়ক বানে উঠুৱাই লৈ যায় ।

তিতাবৰতো বানৰ ভয়াৱহ ৰূপ

তিতাবৰটো বান পৰিস্থিতিয়ে লৈছে ভয়াৱহ ৰূপ । মেলামাটি পঞ্চায়তৰ পতিয়া, কাকতিকুৰি গাঁৱ লগতে সহ্ৰাধিক গাঁও বানৰ তাণ্ডৱ । ফলত পশু ধনৰ সৈতে সহৱস্থান বানাক্ৰান্ত ৰাইজৰ ।

লগতে পঢ়ক:শিৱসাগৰ-যোৰহাটত বানৰ বিভীষিকা, বান পৰিস্থিতিৰে মুখামুখি হ'বলৈ সাজু বৰপেটা জিলা প্ৰশাসন