টীয়ক: যোৰহাট জিলাৰ টীয়কৰ বৃহত্তৰ জাঁজীমুখ অঞ্চলৰ স্বাস্থ্য সেৱাৰ একমাত্ৰ ভৰসা হৈছে জাঁজীমুখ ৰাজ্যিক চিকিৎসালয় । কিন্তু চিকিৎসালয়খন বানৰ কবলত পৰিছে । যাৰ ফলত যোৱা ৪ দিন ধৰি চিকিৎসা সেৱা বন্ধ হৈ আছে । লাহে লাহে ভিতৰৰ আচবাব, চিকিৎসা সঁজুলি, নথিপত্ৰ, ঔষধ আদি নষ্ট হ'বলৈ ধৰিছে । বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ ফলত ভেকচিনবোৰো নষ্ট হোৱাৰ উপক্ৰম হৈছে ।
ফলত বৃহত্তৰ জাঁজীমুখৰ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চিকিৎসাকৰ্মীসকল বান শিবিৰত ব্যস্ত হৈ আছে । ইফালে চিকিৎসক থকা চৰকাৰী আবাস গৃহবোৰো পানীৰ তলত আছে । এই সন্দৰ্ভত এগৰাকী কৰ্মচাৰীয়ে কয়, "আমাৰ চিকিৎসালয়খনত বছৰৰ প্ৰতিটো বানতে পানী সোমাই । আমি যিমান পাৰো দৰব, নথিপত্ৰবোৰ ওপৰত তুলিছোঁ । যোৱা ৪ দিন বিদ্যুৎ সেৱা ব্যাহত থকাৰ বাবে আমাৰ ভেকচিনবোৰ নষ্ট হ'বলৈ ধৰিছে । ভেকচিনবোৰ বেলেগ চিকিৎসালয়লৈ পঠিয়াবলৈও বৰ্তমান বাটপথৰ অৱস্থাৰ বাবে অসুবিধা হৈছে । সকলো কৰ্মচাৰী বান শিবিৰত কাম কৰি আছে যদিও ইয়ালৈ এতিয়াও ৰোগী আহি আছে । আমি একো কৰিব পৰা নাই । সেয়ে চৰকাৰে এইসমূহ সমস্যাৰ প্ৰতি অলপ গুৰুত্ব দি চিকিৎসালয়খন উন্নত কৰিব লাগে । চৰকাৰলৈ অনুৰোধ অতি সোনকালে বৃহত্তৰ জাঁজীমুখৰ ৰাইজৰ সুবিধাৰ্থে চিকিৎসালয়খন নতুনকৈ নিৰ্মাণ কৰিব দিব লাগে ।"
লগতে পঢ়ক :
দুৰ্বিষহ জীৱন কটাইছে উত্তৰ-পশ্চিম যোৰহাটৰ বন্যাৰ্ত ৰাইজে, সহায়ৰ হাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ