মৰিগাঁও: অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত চলিত বৰ্ষৰ বৰগীত বিশাৰদ চূড়ান্ত পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰি মৰিগাঁও জিলালৈ ফুলবাৰীৰ কৃতী ছাত্ৰী নিমিষা নাথে গৌৰৱ কঢ়িয়াই আনিছে ।
ঘোষিত ফলাফল অনুসৰি, নিমিষাই সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । নিমিষাৰ এই সাফল্যই সমগ্ৰ জিলাখনতে এক আনন্দৰ জোৱাৰ তুলিছে ।
মৰিগাঁও সদৰৰ ফুলবাৰীৰ বাসিন্দা জয়ন্ত কুমাৰ নাথ আৰু পল্লবী কাকতিৰ সুযোগ্য কন্যা নিমিষা বৰ্তমান মৰিগাঁও জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী । বিদ্যালয়ৰ পাঠ্যক্ৰমৰ সমান্তৰালকৈ তেওঁ মৰিগাঁৱৰ শংকৰ মাধৱ সত্ৰীয়া সংস্কৃতি মহাবিদ্যালয়ত বৰগীতৰ নিয়মীয়া শিক্ষা গ্ৰহণ কৰি আহিছে ।
সংগীতৰ প্ৰতি থকা একাগ্রতা, অধ্যৱসায় আৰু নিয়মীয়া সাধনাৰ ফলতেই নিমিষাই এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি শিক্ষাগুৰুসকলে ব্যক্ত কৰিছে ।
নিমিষা নাথৰ এই বিৰল কৃতিত্বত শংকৰ মাধৱ সত্ৰীয়া সংস্কৃতি মহাবিদ্যালয়ৰ অধ্যক্ষা মামণি মহন্ত, শিক্ষক-শিক্ষয়িত্ৰীসকল, মৰিগাঁও জাতীয় বিদ্যালয়ৰ শিক্ষকমণ্ডলী, সাংস্কৃতিক মহলৰ লগতে বিভিন্ন শুভাকাংক্ষীয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ।
অভিভাৱক আৰু স্থানীয় ৰাইজৰ মতে, নিমিষাৰ এই সাফল্যই মৰিগাঁও জিলাৰ সাংস্কৃতিক পৰম্পৰাক এক নতুন মৰ্যাদা প্ৰদান কৰাৰ লগতে নতুন প্ৰজন্মক বৰগীত তথা সত্ৰীয়া সংস্কৃতি চৰ্চাৰ প্ৰতি অধিক উৎসাহিত কৰিব । আগন্তুক দিনতো নিমিষাই বৰগীত আৰু সত্ৰীয়া সংস্কৃতিৰ সাধনাৰে জিলাখনৰ উপৰিও সমগ্ৰ ৰাজ্য তথা দেশৰ নাম উজলাই তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : ৰাসৰ সেই জনপ্ৰিয় সুৰটিৰ আঁৰৰ ব্যক্তিজন কোন ?
লগতে পঢ়ক : ৰাজ্যৰ জটিল বান পৰিস্থিতি: বন্যাৰ্তৰ দুখ ভগাই ল’লে অসমীয়া শিল্পীয়ে