নগাঁও : কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । দেশজুৰি শিক্ষাৰ্থীৰ আন্দোলনৰ পাছতেই শনিবাৰে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয়,"যি দাবী ৰাহুল গান্ধীয়ে প্ৰথম অৱস্থাৰ পৰাই কৰি আহিছিল, যি দাবীক লৈ কংগ্ৰেছে আন্দোলন আৰম্ভ কৰিছিল, যুৱ সমাজেৰ আন্দোলন কৰিছিল সেই দাবী মানি দেশৰ শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে । এয়া হ'ল গণতন্ত্ৰৰ জয়, এয়া লোকতন্ত্ৰৰ জয় ।"
তেওঁ লগতে কয়,"দিল্লীত যুৱ সমাজৰ বিৰুদ্ধে কৰা বৰ্বৰ অত্যাচাৰ, নগাঁৱত আৰক্ষীয়ে ভয় ভাবুকিৰে যুৱকসকলৰ কণ্ঠ ৰোধিবলৈ চৰকাৰে চেষ্টা কৰিছিল ৷ কিন্তু চৰকাৰ যাৰে হওক যেতিয়ালৈকে ভাৰত লোকতন্ত্ৰ হৈ থাকিব তেতিয়ালৈকে সদায় ৰাইজৰ জয় হ'ব, লোকতন্ত্ৰৰ জয় হ'ব । আজি উদাহৰণ আমি দেখা পাইছো ৷"
অসমৰ বান সমস্যা সন্দৰ্ভটো সাংসদ গৌৰৱ গগৈয়ে কয়, "অসমৰ বৰ্তমানৰ জলন্তৰ সমস্যা লৈ ৰাজ্য চৰকাৰক গাফিলিতি, কেন্দ্ৰ চৰকাৰৰ ভূমিকাৰ অভাৱে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি, বান সাহাৰ্যত গাফিলিতি আমি দেখা পাইছো ৷ আমি আজি একেৰাহে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডবকালৈ কিছু বান সাহাৰ্য আমি মুকলি কৰিছো ।"
লগতে পঢ়ক: অসমে আপোনাৰ অৱদানক সদায় মনত ৰাখিব : ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগত মুখ্যমন্ত্ৰীৰ আৱেগিক পোষ্ট